নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বার্তাৰ জ্যেষ্ঠ আর্হি পাঠক প্রবোধ কুমাৰ ভট্টাচার্যৰ বিয়োগ

🎯বি বৰুৱা কর্কট প্রতিষ্ঠানত শেষ নিশ্বাস ত্যাগ

🎯সহকৰ্মীৰ বিয়োগত শোকস্তব্ধ নিয়মীয়া বাৰ্তাৰ পৰিয়ালৰ শোকসভা পালন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুনঃ ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ আর্হি পাঠক প্রবোধ কুমাৰ ভট্টাচার্যৰ আজি দেহাৱসান ঘটে৷ গুৱাহাটীৰ বি বৰুৱা কর্কট প্রতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল৷ সামান্য স্বাস্থ্যৰ উন্নতি ঘটনাত মাজতে তেওঁক হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত শেহতীয়াকৈ বি বৰুৱা কর্কট প্রতিষ্ঠানত ভর্তি কৰোৱা হৈছিল৷ অৱশ্যে ক্রমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু আজি পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ৷ উল্লেখ্য যে ১৯৬৪ চনৰ ৭ এপ্রিলত দৰং জিলাৰ ছিপাঝাৰৰ নায়কপাৰা গাঁৱত তেওঁ জন্মগ্রহণ কৰিছিল৷ স্থানীয়ভাৱে স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পাছত প্রয়াত ভট্টাচার্যই মঙলদৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰে৷ ইয়াৰ পাছতে তেওঁ গুৱাহাটীলৈ আহি অফছেট প্রেছ খুলি প্রিণ্টিং ব্যৱসায় আৰম্ভ কৰে৷ ইয়াৰ লগে লগে তেওঁ সংবাদ সেৱাৰ ক্ষেত্রখনতো জড়িত হয়৷ ২০০০ চনত ‘আমাৰ অসম’ কাকতত আর্হি পাঠক হিচাপে যোগদান কৰে৷ আমাৰ অসমৰ পাছতে তেওঁ ২০১১ চনত নতুনকৈ জন্মলাভ কৰা ‘নিয়মীয়া বার্তা’ কাকতত জ্যেষ্ঠ আর্হি পাঠক হিচাপে যোগদান কৰে৷ তেতিয়াৰ পৰাই ‘নিয়মীয়া বার্তা’ কাকতত তেওঁ মৃত্যুৰ সময়লৈকে কর্মৰত হৈ আছিল৷ কিছুদিন পূর্বলৈকে কার্যালয়লৈ আহি কর্তব্য পালন কৰা এইগৰাকী জ্যেষ্ঠ আর্হি পাঠকৰ বিয়োগত ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত সহকর্মীৰ শোকত শোকাভিভূত হৈ পৰিছে৷ আজি প্রয়াত ভট্টাচার্যৰ মৃত্যুত ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত সম্পাদক নৰেশ কলিতা, কার্যবাহী সম্পাদক অমল দাসসহ কর্মচাৰীসকলৰ উপস্থিতিত এখন শোকসভাও অনুষ্ঠিত হয়৷ বিশিষ্ট আর্হি পাঠকগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ২ মিনিট সময় মৌন প্রার্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈয়ো সমবেদনা জ্ঞাপন কৰিছে কাকতখনৰ কর্মচাৰী বৃন্দই৷ শোকসভাখনত অংশগ্রহণ কৰি ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই কয় যে জ্যেষ্ঠ আর্হি পাঠকগৰাকীৰ বিয়োগ কাকতখনৰ বাবে এক অপূৰণীয় ক্ষতি৷ কেৱল সাংবাদিক হিচাপেই নহয়, এগৰাকী লেখক হিচাপেও ভট্টাচার্যই অৱদান আগবঢ়াই গৈছে৷ মৃত্যুৰ সময়ত পত্নী মৌচুমী শর্মা আৰু পুত্র দেৱাশীষ ভট্টাচার্যক তেওঁ ইহ সংসাৰত এৰি থৈ যায়৷ আজি মঙলদৈত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷

You might also like