নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কিলাৰ’ ডাম্পাৰৰ খুন্দাত দুই স্কুটী আৰোহীৰ মৃ*ত্যু

🔹 মহানগৰীৰ লালমাটিত সন্ধিয়া ভয়াৱহ পথ দুর্ঘটনা

বিশেষ বার্তা, ১০ এপ্রিল : মহানগৰীৰ ৰাজপথত ‘কিলাৰ’ ডাম্পাৰৰ দৌৰাত্ম্যই কালি প্রাণ কাঢ়িলে দুই স্কুটী আৰোহীৰ৷ এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হয় লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত৷ সন্ধিয়া প্রায় ৭.২০ বজাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাটো সন্দর্ভত জানিব পৰা মতে, লালমাটিৰ দিশৰ পৰা গেমছ ভিলেজৰ ফালে ৰাষ্ট্রীয় ঘাইপথ অতিক্রম কৰিবলৈ লোৱাৰ সময়তে এএছ-০১ ডিপি-৭২৬৫ নম্বৰৰ স্কুটীখনক খানাপাৰাৰ দিশৰ পৰা অহা এখন তীব্রবেগী শিলভর্তি ডাম্পাৰে প্রচণ্ড জোৰে খুন্দা মাৰে৷ অকল খুন্দা মৰাই নহয়, স্কুটীখনৰ আৰোহীদ্বয়ক কমেও ১০০ মিটাৰ দূৰলৈ মহটিয়াই নিয়ে৷ ফলত ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়৷ দুর্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে স্কুটী আৰোহীদ্বয়ৰ শৰীৰৰ কিছু অংশ ছিন্ন–ভিন্ন হৈ পৰে৷ এই দুর্ঘটনাটোত আন এখন স্কুটীও বিধ্বস্ত হয়৷ অৱশ্যে সৌভাগ্যক্রমে ৰক্ষা পৰে এএছ-০১ এফই-৮৯৯৭ নম্বৰৰ স্কুটীখনৰ আৰোহী তথা বশিষ্ঠৰ ইন্দিৰা নগৰ নিৱাসী ভবেন চন্দ্র দাস নামৰ ব্যক্তিজন৷ দাসে এই প্রতিবেদকক জানিবলৈ দিয়া মতে, কার্যালয় ছুটী হোৱাৰ পিছত লখৰা দিশৰ পৰা আহি ঘৰলৈ যোৱাৰ বাবে দুর্ঘটনাস্থলীত তেওঁ স্কুটীৰে টার্ন লৈছিল৷ তেনে সময়তে এখন নীলা ৰঙৰ চাৰিচকীয়া বাহনে তেওঁৰ স্কুটীখনত খুন্দা মাৰে৷ অৱশ্যে দাসে কোনোমতে সম্ভাব্য দুর্ঘটনাৰ পৰা নিজকে বচাবলৈ সক্ষম হয়৷ তেওঁ ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ সুৰক্ষাত্মক স্থানত থিয় হোৱাৰ সময়তে তীব্রবেগী ডাম্পাৰখনে দুজন লোকৰ লগতে নিজৰ এএছ-০১ এফই-৮৯৯৭ নম্বৰৰ স্কুটীখন মহটিয়াই নিয়া প্রত্যক্ষ কৰা বুলি জানিবলৈ দিয়ে৷ আনকি ডাম্পাৰখনে চাৰিচকীয়া বাহনখনতো খুন্দা মাৰিছিল৷ অৱশ্যে চাৰিচকীয়া বাহনখন ঘটনা সংঘটিত হোৱাৰ পিছতে সেই স্থানৰ পৰা গুচি যায় বুলি দাসে সদৰী কৰিছে৷ শোকাৱহ দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছমুহূর্ততে ঘটনাস্থলীত হুৱাদুৱা লাগে৷ উপস্থিত স্থানীয় ৰাইজ তথা সেই সময়ত ৰাষ্ট্রীয় ঘাইপথটোৰে অহা–যোৱা কৰি থকা একাংশ লোকে ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ আনকি বন্ধ কৰি দিয়ে ৰাষ্ট্রীয় ঘাইপথটো৷ ইয়াৰ বিপৰীতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চেষ্টা চলোৱাৰ লগতে এএছ-২৫ এফচি-১৯৮৫ নম্বৰৰ ঘাতক ডাম্পাৰখনৰ চালকজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ আৰক্ষীৰ চেষ্টাত নিশাৰ ভাগলৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ কিন্তু সন্ধিয়াৰ ভাগতে মহানগৰীৰ সোঁ–মাজেৰে যোৱা ৰাষ্ট্রীয় ঘাইপথত ডাম্পাৰৰ দৰে গধুৰ বাহনৰ চলাচল কৰিবলৈ কোনে অনুমতি দিলে তাক লৈ ৰাইজে প্রশ্ণ তুলিছে৷ বিশেষকৈ বশিষ্ঠ আৰক্ষীৰ ভূমিকাক সকলোৱে একমুখে সমালোচনা কৰে৷ লক্ষণীয়ভাৱে দুর্ঘটনাটো সংঘটিত হোৱা স্থানত সিঁচৰতি হৈ পৰি আছে চাউল৷ অৱশ্যে এই চাউল কোনে আনিছিল সেয়াও স্পষ্ট হোৱা নাই৷ দুর্ঘটনাৰ পিছত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ শীর্ষস্থানীয় কেইবাজনো বিষয়া উপস্থিত হয় যদিও বশিষ্ঠ আৰক্ষীৰ যান–বাহন শাখাৰ কোনো বিষয়া দুর্ঘটনাস্থলীলৈ নহাৰ অভিযোগ উঠে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে কালি যি স্থানত শোকাৱহ ঘটনাটো সংঘটিত হৈছে, তাত পূর্বেও একাধিক অনুৰূপ পথ দুর্ঘটনা হোৱাৰ নজিৰ আছে৷ তাৰ পিছতো আৰক্ষী তথা সংশ্লিষ্ট কর্তৃপক্ষই উক্ত স্থানত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাটো অতি আশ্চর্যজনক৷ যাৰ পৰিণতিত কালিৰ এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় একাংশ লোকে দাবী কৰে৷

You might also like