নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ত ঘাইপথৰ বাইপাছত ভয়াৱহ পথ দুৰ্ঘটনা

🔹 ডাম্পাৰৰ খুন্দাত নিহত স্কুটী আৰোহী যুৱক-যুৱতী
নিয়মীয়া বাৰ্তা,  ৩১ মে’ : নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলনি গাঁৱৰ সন্মুখৰ বাইপাছত আজি বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু স্কুটীৰ সংঘৰ্ষৰ ফলত স্কুটীখন ডাম্পাৰৰ চকাৰ তলত সোমায় । ফলত স্কুটীত অহা দুজন নিহত হয় । নিহতসকলৰ এজন যুৱক আৰু আনগৰাকী যুৱতী । স্কুটীখনৰ নম্বৰ AS-05R-7267 আৰু ডাম্পাৰখনৰ নম্বৰ AS-05AC-550 ।‌ নিহত যুৱক-যুৱতীহাল গোলাঘাটৰ ৰাজেশ গুপ্তা আৰু কাজল চাহু বুলি চিনাক্ত হৈছে । তীব্ৰ বেগত  ডাম্পাৰ চালকে গাড়ী চলোৱাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰে।
প্ৰেৰক বিনন ফুকন
You might also like