নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য শোভাযাত্ৰাৰে মুখৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ ঊনবিংশতিতম সাধাৰণ অধিৱেশন। এই উপলক্ষে দুলীয়াজান চহৰত উলিওৱা জাতি-জনগোষ্ঠীয় সংমিশ্ৰিত বাৰে-ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে তৈলনগৰী দুলীয়াজানবাসীক। নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ আতিথ্যত আৰু নাওহলীয়াবাসী ৰাইজৰ সহযোগত নাওহলীয়াৰ গোপীনাথ বৰদলৈ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত আছুৰ আঞ্চলিক সাধাৰণ অধিৱেশনৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰে।  অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে অনুপ বেজবৰুৱাই ৷ বিদ্যালয় প্ৰাংগনত নাওহলীয়া শাখা ছাত্ৰ সন্থাই নিৰ্মাণ কৰি উলিওৱা নৱনিৰ্মীত শ্বহীদ বেদী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উন্মোচন কৰাৰ লগতে  সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনিল গগৈয়ে। ইয়াৰ পিছতে সমাজৰ উত্তৰণ, বিকাশ আৰু সমন্বয়ৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকা, দায়িত্ব আৰু কৰ্তব্য শীৰ্ষক আলোচনা চক্ৰখন সঞ্চালনা কৰে শিক্ষাবিদ বিষেশ্বৰ গগৈয়ে। শিক্ষাবিদ অনুপ বেজবৰুৱা, প্ৰণীতা হাতীমূৰীয়া, মানস প্ৰতিম গগৈকে ধৰি স্হানীয় কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই আলোচনাচক্ৰখনিত। অধিৱেশনৰ লগত স‌ংগতি ৰাখি ভূপেন্দ্ৰ সংগীত, বৰগীত আৰু দলীয় বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও সন্ধিয়ালৈ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভা, অমৰেন্দ্ৰ শৰ্মা সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে কাইলৈ অৰ্থাৎ দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন আৰু ১০.৩০ বজাত প্ৰতিনিধি সভা আৰম্ভ হ’ব । দিনৰ দুই বজাত বিষয় বাছনি সভাৰ জৰিয়তে আঞ্চলিক ছাত্ৰ সন্থাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন সমিতি গঠন হ’ব ৷ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত  মুখ্য অতিথি হিচাপে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিশিষ্ট অতিথি জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, শিক্ষাবিদ আৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই অংশগ্ৰহণ কৰিব৷

প্ৰেৰক কৃষ্ণা গগৈ

You might also like