নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘর্ষত নিহত সাত মাওবাদী

🔹 মূৰৰ মূল্য ঘোষণা কৰা হৈছিল ৩৮ লাখ টকা

বিশেষ বাৰ্তা, ৯ জুন : ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৭ মাওবাদী নিহত হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শুকুৰবাৰে পুৱতি নিশা ছত্তিশগড় আৰক্ষীৰ লগতে কেইবাটাও অর্ধসামৰিক বাহিনীৰ জোৱানে এই অভিযানত অংশ লৈছিল৷ নিহত মাওবাদী সদস্যকেইজনৰ মাজত জ্যেষ্ঠ নেতা থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ উল্লেখনীয় যে এই মাওবাদী নেতা তথা সদস্যকেইজনৰ মূৰৰ মূল্য ৩৮ লাখ টকা ঘোষণা কৰি থৈছিল প্রশাসনে৷ মাওবাদী পিএলজিএ গোটৰ যোদ্ধা আছিল নিহত সদস্যকেইজন৷ উল্লেখনীয় যে ঘটনাস্থলীত শনিবাৰে পুৱা ৬জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছত কালি বিয়লি পুনৰ এটা মৃতদেহ উদ্ধাৰ হৈছে৷ উল্লেখনীয় যে নিহতসকলৰ ভিতৰত তিনি মহিলা সদস্যও আছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি চোৰাংচোৱাৰ তথ্য লাভৰ পিছতে নাৰায়ণপুৰ জিলাৰ ভাদবেদা–বাট্টেকাল অঞ্চলৰ অৰণ্যত অভিযান চলায় নিৰাপত্তা বাহিনীয়ে৷ ইয়াতে উভয়পক্ষৰ মাজত গুলীয়াগুলী হয়৷ নিৰাপত্তা বাহিনীলৈ প্রথম মাওবাদীয়ে গুলীচালনা কৰিছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে৷

You might also like