নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰ : মৈৰাবাৰী আৰক্ষীয়ে যোৱানিশা অভিযান চলাই বাল্য বিবাহৰ ঘটনাৰে জড়িত থকা জন লোকক মৈৰাবাৰীৰ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৱানিশা মৈৰাবাৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে হাতীমূৰীয়া, লোচনাবৰী আৰু ডোংগৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোককেইজন হল ক্ৰমে ছাদ্দাম হুছেইন (৩৪), গুলজাৰ হুছেইন (৩৩), ছামচুল হক (২৬), ইনামূল হুছেইন (২৭), এমৰাজুল হক (৩৩), ৰিব্বুল হুছেইন (২২) আৰু আবুল কাশেম বুলি জানিব পৰা গৈছে। মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক সাতজনক জিলা আদালতলৈ প্ৰেৰন কৰিছে।
প্ৰেৰক তাৰিকুল ইছলাম