নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত মঞ্চপ্ৰভাকৰ অচ্যুৎ লহকৰৰ সপ্তম মৃত্যুবাৰ্ষিকীত স্মৰণ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ আজি অসমৰ সৰ্বোৎকৃষ্ট গণ মাধ্যম হিতাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটৰৰ সৃষ্টিকৰ্তা তথা মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ সপ্তম মৃত্যুবাৰ্ষিকী ৷ ২০১৬ চনত আজিৰ দিনটোতে এই পাৰ্থিৱ জগতৰ পৰা কায়িক বিদায় লৈছিল আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ অচ্যুত লহকৰে ৷ সমগ্ৰ বিশ্বতে কাহানিও নোহোৱা-নোপজা ব্যতিক্ৰমী থিয়েটাৰ দলৰ জন্ম দি এক বিৰল কৃতিত্ব অৰ্জন কৰিছিল প্ৰয়াত অচ্যুত লহকৰে ৷ ১৯৬২ চনৰ দুই অক্টোবৰত পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত নানান ঘাত-প্ৰতিঘাতৰ মাজেৰে নটৰাজ থিয়েটাৰৰ যোগেদি আধুনিক ভ্ৰাম্যমাণ নাট্যযাত্ৰাৰ এটি সেন্দূৰী আলি নিৰ্মাণ কৰিছিল এইজন বৰেণ্য ব্যক্তিয়ে ৷ নটৰাজ থিয়েটাৰৰ জৰিয়তে অচ্যুত লহকৰে উন্মোচন কৰা এই সেন্দূৰী আলিৰে বাট বুলি এতিয়া অসমৰ চুকে-কোণে শতাধিক ভ্ৰাম্যমাণৰ থিয়েটাৰ গোষ্ঠীৰ জন্ম হৈছে, যাৰ বাবে অসমৰ শিল্পী তথা কলাকুশলীসকলে জীৱিকা নিৰ্বাহৰ এটি সুন্দৰ সুবিধা লাভ কৰি আহিছে ৷ নিজৰ সৃষ্টিৰে মহীয়ান হোৱা এইগৰাকী বৰেণ্যক আজি তেওঁৰ সপ্তম মৃত্যুবাৰ্ষিকীত পাঠশালাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শ্ৰদ্ধাৰে স্মৰণ কৰে ৷ পাঠশালাৰ অন্যতম সামাজিক অনুষ্ঠান পাঠশালা বজাৰ কমিটীৰ উদ্যোগত আৰু ৰাইটাৰ্চ ফ’ৰামৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে মঞ্চপ্ৰভাকৰ অচ্যুৎ লহকৰৰ সপ্তম মৃত্যু তিথি পালন কৰা হয় ৷ পাঠশালাৰ প্ৰগতি সংঘৰ বাকৰিত মঞ্চপ্ৰভাকৰৰ সমাধিৰ সন্মুখত স্থাপন কৰা তেওঁৰ প্ৰতিমূৰ্তিত পাঠশালা বজাৰ কমিটীৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ কৰে বিশিষ্ট কবি তথা ৰাইটাৰ্চ ফ’ৰামৰ সম্পাদক পুৰন্দৰ পাটগিৰি আৰু ব্যৱসায়ী গগণ চৌধুৰীয়ে ৷ ইয়াৰ পিছতে পুৰন্দৰ পাটগিৰিয়ে আঁত ধৰা স্মৃতিচাৰণ সভাত পাঠশালা বজাৰ কমিটীৰ সম্পাদক জীতেন তালুকদাৰ, জ্যেষ্ঠ নাগৰিক প্ৰিয়নাথ তালুকদাৰ, নাট্যকৰ্মী হিমাংকণ দাস, সমাজকৰ্মী বৰুণ দাস, পাঠশালা প্ৰেছ ক্লাবৰ উপদেষ্টা কৈলাস চৌধুৰী, নয়নতৰা থিয়েটাৰৰ প্ৰযোজক নৱ দাস, বজালী প্ৰগতি সংঘৰ সম্পাদক অনিল ডেকা, গীতিকা ডেকা প্ৰমুখ্যে ব্যক্তিসকলে প্ৰয়াত মহীৰূহগৰাকীলৈ শ্ৰদ্ধা নিবেদি তেওঁৰ স্মৃতিচাৰণ কৰে ৷ আনহাতে, উক্ত অনুষ্ঠানৰ পিছতে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ সম্পাদক নিকুঞ্জ দাসে সন্থাৰ তৰফৰ পৰা অচ্যুত লহকৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰি মহীৰূহগৰাকীৰ বৰ্ণিল জীৱনৰ ওপৰত আলোকপাত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like