নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ হোটেলত একাধিক অভিযুক্ত-ধন বিনিয়োগকাৰীক জেৰা

🔹 অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ গোচৰৰ চি বি আই তদন্ত
বিশেষ বাৰ্তা, ২২ নৱেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত অসমত সংঘটিত  সৰ্ববৃহৎ কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰাৰ পিছত তদন্তকাৰী সংস্থাটোৰ এটা দলে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে কালি চিবিআইৰ এটা দল নগাঁৱত উপস্থিত হয়হি। জানিব পৰা মতে, নগাঁও চহৰৰ হোটেল বিদিশাত পৰহিৰে পৰা বাহৰ পতা পাঁচজনীয়া চি বি আইৰ তদন্তকাৰী দলটোৱে কালি দিনৰ ভাগতেই অবৈধ ট্ৰেডিঙৰ লগত জড়িত ১৫জনৰো অধিক লোকক সোধা-পোচা কৰে। ইয়াৰ ভিতৰত ধন বিনিয়োগ কৰা নগাঁৱৰ কেইবাজনো প্ৰভাৱশালী লোকো আছে। আজিও চিবিআইৰ দলটোৱে আন কেইবাজনো লোকক জেৰা কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰি ব্যাপক লাভৰ সপোন দেখুৱাই নগাঁৱৰ ‘বুলচ আইজ’ নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে কোটি টকা সংগ্ৰহ কৰিছিল বুলিও অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ লগত জড়িত বিশাল তামুলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অনলাইন ট্ৰেডিঙৰ নামত জিলাখনৰ বহু লোকৰ পৰা প্ৰৱঞ্চনাৰে প্ৰায় এশ কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱা ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ মূল দায়িত্বত থকা নায়কদ্বয় ক্ৰমে কাশ্যপ ফুকন  আৰু অনিৰ্বাণ দেউৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। এইদৰে আৰক্ষীৰ সোপাঢিলা নীতিৰ বাবে ইতিমধ্যে বুলচ আইজৰ লগত জড়িত যুৱককেইজনে অগ্ৰিম জামিন লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অনলাইন ট্ৰেডিং কেলেংকাৰি কাণ্ডৰ সমগ্ৰ ঘটনাৰাজি তদন্ত কৰি দোষীক উপযুক্ত আইনী শাস্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে ৰুজু হোৱা ইতিমধ্যে ১৪টাকৈ গোচৰ চি বি আইক হস্তান্তৰ কৰিছে। ইয়াৰ ভিতৰত নগাঁৱত  দুটা গোচৰো আছে। এই সন্দৰ্ভতে নগাঁৱত চি বি আইৰ দলটোৱে বাহৰ পাতি লৈ তদন্ত আৰম্ভ কৰাৰ লগতে ইজনৰ পাছত সিজনকৈ অভিযুক্তৰ লগতে ধন বিনিয়োগকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like