নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমাত বানপানীৰ কবলত কেইবাখনো গাঁও

🔹 বানপীড়িত অঞ্চল পৰিদৰ্শন দোতমা সমষ্টিৰ এমচিএলএ প্ৰকাশ বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : সমগ্ৰ ৰাজ্যতেই বানপানীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পোৱা নাই কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ৰামফলবিল ভিছিডিছিৰ অধীনৰ নিজুমগুৰী, বেলগুৰি, দৈমুগুৰি গৈবাৰী আদি অঞ্চলৰ কেইবাখনো গাঁও। উক্ত গাঁওকেইখন লোঙা নৈৰ বাঢ়নী পানীত ডুব যোৱাৰ পিছত গাঁওকেইখনৰ ৰাইজৰ খবৰ লবলৈ যায় বিটিচিৰ ৮নং দোতমা জনজাতি সমষ্টিৰ এমচিএলএ তথা যুব বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি প্ৰকাশ বসুমতাৰী । বানপীড়িত অঞ্চলত উপস্থিত হৈ ৰাইজৰ খবৰ লৈ আৰ্থিক অনুদানো আগবঢ়ায় । এমচিএলএ প্ৰকাশ বসুমতাৰীৰ এনে সহানুভূতিশীল কৰ্মক স্থানীয় ৰাইজে শলাগ লয় আৰু এমচিএলএজনক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ পৰিদৰ্শন কালত এমচিএলএজনৰ লগতে বিপিএফৰ বহুতো ব্লক পৰ্যায়ৰ নেতাও উপস্থিত থাকে ।

প্ৰেৰক কৃষ্ণ বৰ্মন

 

You might also like