নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰায়ণপুৰত কণমানি ছাত্ৰীৰে অপকৰ্মত লিপ্ত  প্ৰধান শিক্ষক, উচিত শাস্তিৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিলে এজন শিক্ষকে। এইবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী ট্ৰামজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাম শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। বিদ্যালয়খনত পঞ্চম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীৰ লগত সংঘটিত কৰিলে এই জঘন্য কাণ্ড। আজি দিনৰ ভাগত  বিদ্যালয়তে শিক্ষক ৰূপী লম্পটটোক আবদ্ধ কৰি ৰাখিলে স্থানীয় বিষ্ণুপুৰ নাৰী জাগৰণ মঞ্চৰ সদস্যাসকলে। উল্লেখ্য যে ছাত্ৰীগৰাকীৰ মাক বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যা। জানিব পৰা মতে শনিবাৰে অনুষ্ঠিত কৰা পৰিচালনা সমিতিৰ সভালৈ নিমন্ত্ৰণ কৰিবলৈ বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈছিল প্ৰধান শিক্ষক ৰাম শইকীয়া। সেই সময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰীগৰাকীৰ সৈতে অপকৰ্মত লিপ্ত হয় শিক্ষক ৰূপী লম্পটটো। অৱশেষত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আজি বিদ্যালয়ত পাঠদান চলি থকা অবস্থাতে স্থানীয় বিষ্ণুপুৰ নাৰী জাগৰণ মঞ্চৰ সদস্যাসকলে লম্পট শিক্ষক ৰাম শইকীয়াক আটক কৰি আবদ্ধ কৰি ৰাখে। অৱশেষত নাৰায়ণপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত আবদ্ধ কৰি ৰখা শিক্ষক ৰূপী লম্পটটোক লৈ যায় নাৰায়ণপুৰ থানালৈ। ৰাইজৰ মতে শিক্ষকগৰাকীক আইনে উচিত শাস্তি প্ৰদান কৰাৰ লগতে কোনো কাৰণতে যাতে পুণৰ ট্ৰামজুলি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ নিদিয়ে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছে।
প্ৰেৰক চন্দন শইকীয়া
You might also like