নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ পথ দুৰ্ঘটনাত মৃত্যু ভাৰতীয় সেনাত কৰ্মৰত জোৱানৰ। বুধবাৰে বজালীৰ গনকপাৰাত সংঘটিত পথ দুৰ্ঘটনাত আহত বাক্সা জিলাৰ শালবাৰীৰ শৰনীয়া উলুবাৰীৰ সেনা জোৱান ভূপেন বড়োৰ কালি মৃত্যু হয়। প্ৰাপ্য তথ্য অনুসৰি বাক্সা জিলাৰ বৰটাৰীৰ আত্মীয়ৰ ঘৰৰ পৰা খুলশালীৰ সৈতে নিজ ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত বজালীৰ গনকপাৰাত এখন ৰৈ থকা ট্ৰেক্টৰত খুণ্ডা মৰাৰ ফলত খুলশালী টপ্পু স্বৰ্গীয়াৰী থিতাতে নিহত হোৱাৰ লগতে ভূপেন বড়োক বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বৃহস্পতিবাৰে হস্পিতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰে ভূপেন বড়ো। আজি ভূপেন বড়োৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ আহি পোৱাৰ পিছতে অগনন গুনমুগ্বই ভিৰ কৰে। শোকত ভাগি পৰে পাৰিয়াল তথা আত্মীয় স্বজন। সেনাজোৱানজনৰ মৃত্যুত কান্দোনৰ ৰোল উঠে পৰিয়ালটোত। পিছত খাম চিফুং চেৰজা বজাই ভাৰতীয় সেনাৰ পুস্পসজ্জিত বাহনেৰে সেনা জোৱানজনৰ মৃতদেহ লৈ নিজ বাসগৃহৰ পৰা শালবাৰী বজাৰ-শালবাৰী কলেজ হৈ বৃহত্তৰ অঞ্চলটো মৌন সমদল কৰে ভাৰতীয় সেনাৰ লগতে স্থানীয় ৰাইজে। সমদলৰ অন্তত বিভিন্নজনে পূস্পাঞ্জলি অৰ্পন কৰাৰ লগতে ভাৰতীয় সেনাৰ জোৱানসকলে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনাই অন্তোষ্টিক্ৰীয়া সম্পন্ন কৰা হয়। উল্লেখ্য যে, মুম্বাইত কৰ্মৰত ভাৰতীয় সেনাৰ ১৫ আছাম ৰেজিমেন্টৰ জোৱান ভুপেন বড়ো ৩ মাৰ্চত ৪৫ দিনৰ বাবে ছুটিত আহিছিল নিজ ঘৰলৈ। ৮টা দিন পাৰ কৰি পত্নী ৮ মহীয়া কন্যা, পৰিয়ালৰ সৈতে বিহুৰ আনন্দ উপভোগ কৰি কৰ্মস্থলী মুম্বাইলৈ যোৱাৰ কথা আছিল ভূপেন বড়োৰ।
প্ৰেৰক লৱ কুমাৰ দাস