শম্ভু গুপ্তাৰ শেষকৃত্যত অংশ ল’ব নোৱাৰিলে পজিটিভ পুত্র–কন্যাই
নিয়মীয়া বাৰ্তা, ১৮ মে’: কাল ক’ৰোনাৰ কালৰূপে বহুজনৰ আত্মীয়–স্বজনক অকালতে কাঢ়ি লৈ গ’ল৷ আনকি বহু সময়ত আত্মীয়–স্বজন ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটি লোৱা লোকৰ শেষকৃত্যত উপস্থিত থাকিব পৰা নাই পৰিয়াল–শুভাকাংক্ষী৷ তেনে এক হূদয়বিদাৰক দৃশ্য পৰিলক্ষিত হ’ল ৰাজ্যৰ বিশিষ্ট চলচ্চিত্র নির্মাতা, নাট্যকর্মী শম্ভু গুপ্তাৰ বিয়োগৰ পিছতো৷ কেইবাদিনো ক’ভিডৰে যুঁজি জি এম চি এইচৰ আইচিইউত যোৱানিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ একে সময়তে সম্প্রতি তেওঁৰ পুত্র তথা সু–ভিনেতা নিলয় গুপ্তাও ক’ভিড পজিটিভ৷
বর্তমান তেওঁ হোম আইছ’লেচনত আছে৷ সেইদৰে বিশিষ্ট চলচ্চিত্র নির্মাতাগৰাকীৰ কন্যা পূবালী গুপ্তাও ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে জি এম চি এইচৰ আইচিইউত৷ আনকি নিলয় গুপ্তাৰ মোমায়েকো সম্প্রতি ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ যাৰ পৰিপ্রেক্ষিতত শম্ভু গুপ্তাৰ বিয়োগৰ পিছত তেওঁক এবাৰ ওচৰৰ পৰা চোৱাৰ পৰাও বঞ্চিত হ’ল পুত্র–কন্যা৷
উল্লেখ্য যে ক’ভিড পজিটিভ হৈ শম্ভু গুপ্তাৰ বিয়োগ হোৱাৰ বাবে তেওঁৰ শেষকৃত্য ক’ভিড প্রট’কল অনুসৰি সম্পন্ন কৰে জিলা প্রশাসনে৷ তেওঁৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে৷ তৎসত্ত্বেও ক’ভিডৰ প্রট’কলৰ বাবে গুণমুগ্ধসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰিলে বিশিষ্ট চলচ্চিত্র নির্মাতাগৰাকীক৷ যোৱা ৮ মে’ত ক’ভিডত আক্রান্ত হোৱাত শম্ভু গুপ্তাক এপল’ হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ পৰৱর্তী সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ১০ মে’ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ তেতিয়াৰ পৰা তেওঁ হাস্পতালখনত আইচিইউত চিকিৎসাধীন হৈ আছিল৷ কিন্তু কালি তেওঁ নিশা ১০.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ৷ পেছাত এগৰাকী অভিযন্তা শম্ভু গুপ্তাই ১২খন পূর্ণ দৈর্ঘ্যৰ নাটক, ১৮খন একাংকিকা নাট, ১০খন বাটৰ নাট ৰচনা কৰিছিল৷ তদুপৰি তেওঁ নির্মাণ কৰিছিল ‘প্রেম আৰু প্রেম’, ‘দেৱী’ নামৰ ছবি৷
আনহাতে, ১৯৭২ চনত ‘মুক্তি’ নামৰ ছবিত তেওঁ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল৷ অৱশ্যে এই ছবিখনে মুক্তি লাভ নকৰিলে৷ ‘চামেলী মেমচাহাব’ ছবিখনত তেওঁ কৰি’গ্রাফাৰ হিচাপে কাম কৰিছিল৷ ‘ৰজনীগন্ধা’ নামৰ ছবিখনত কলা নির্দেশক হিচাপে কাম কৰা গুপ্তাই ‘প্রভাতী পখীৰ গান’, ‘ধ্রুৱতৰা’ নামৰ ছবিত অভিনয় কৰিছিল৷ ‘জোন জ্বলে কপালত’ নামৰ জনপ্রিয় অসমীয়া ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ ৰচনা কৰাৰ লগতে অভিনয়ো কৰিছিল গুপ্তাই৷
তদুপৰি ৰাজ্যৰ নাট্য আন্দোলনৰ এগৰাকী অগ্রগণী কর্মী আছিল এইগৰাকী বিশিষ্ট চলচ্চিত্র নির্মাতা৷ ছবি আৰু নাটকত অভিনয়ৰ সুযোগ দি তেওঁ বহু অভিনেতা–ভিনেত্রী তথা সংগীতৰ সৈতে জড়িত ব্যক্তিক সমাজৰ মাজলৈ উলিয়াই আনিছিল৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শম্ভু গুপ্তাৰ বিয়োগত অসমৰ সাংস্কৃতিক জগতত এক পূৰাব নোৱাৰাৰ শূন্যতাৰ সৃষ্টি হ’ল৷ কেইবাখনো চলচ্চিত্র সুখ্যাতিৰে পৰিচালনা কৰি তেওঁ অসমীয়া ছবি জগতক চহকী কৰি থৈ গৈছে৷
এগৰাকী নিষ্ঠাৱান সাংস্কৃতিক কর্মী হিচাপেও তেওঁ ৰাজ্যৰ সংস্কৃতিৰ বৰপথাৰখনলৈ বিশিষ্ট অৰিহণা আগবঢ়াইছে৷ গুপ্তাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি তেওঁ কয়৷ ইপিনে, বিশিষ্ট চলচ্চিত্র নির্মাতাগৰাকীৰ বিয়োগত শোক প্রকাশ কৰিছে সদৌ অসম শিল্পী সমাজে৷ এক বিবৃতিত সমাজৰ কার্যকৰী সভাপতি প্রাঞ্জল শইকীয়া আৰু সম্পাদক দুলাল দাসে কয় যে ৮০ আৰু ৯০ৰ দশকত গুপ্তাই বহু জনপ্রিয় নাটক পৰিচালনা কৰিছিল৷ ‘যৌৱনে আমনি কৰে’ নামৰ ছবিখনৰ তেওঁ চিত্রনাট্য ৰচনা কৰিছিল৷ অসমৰ নাট্য জগত আৰু চলচ্চিত্র জগতলৈ শম্ভু গুপ্তাই আগবঢ়োৱা অৱদান অসমবাসীয় সদায় স্মৰণ কৰিব বুলি সদৰী কৰে৷ সমাজে তেওঁৰ মৃত্যু ৰাজ্যবাসীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে৷