নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বিস্ময়’ৰ প্রতিষ্ঠাপক শশী ফুকনৰ জিএমচিএইচত দেহাৱসান

বিশেষ বাৰ্তা, ২৬ অক্টোবৰ : একবিংশ শতিকাৰ আৰম্ভণি পর্যন্ত তৰুণ প্রজন্মৰ জীৱন–যৌৱনক আলোড়িত কৰি ৰখা জনপ্রিয় মাহকীেয়া আলোচনী ‘বিস্ময়’ৰ প্রতিষ্ঠাপক সম্পাদক–প্রকাশক শশী ফুকন আৰু নাই৷ শেহতীয়াকৈ শাৰীৰিক অসুস্থতাত ভুগি চিকিৎসাধীন হৈ থকা ফুকনে কালি নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ অন্তিম সময়ত তেওঁ চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত৷ কালি সন্ধিয়াৰ ভাগত দুবাৰকৈ ষ্ট্রোকত আক্রান্ত ফুকনৰ নিশা ১০.৩০ বজাত স্বাস্থ্যৰ অধিক অৱনতি ঘটে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ দলে যৎপৰোনাস্তি চেষ্টা চলাইছিল যদিও অসমীয়া সাহিত্যক জনপ্রিয় কৰি তোলাত অহোপুৰুষার্থ কৰাসকলৰ ভিতৰত অন্যতম ফুকনৰ নিশা দেহাৱসান ঘটে৷ ফুকনৰ বিয়োগৰ লগে লগে অসমীয়া সাহিত্যৰ এটা যুগৰ পৰিসমাপ্তি ঘটিল৷ উল্লেখ্য যে ৭০ দশকৰ আৰম্ভণিতে নিজস্ব ধাৰা আৰু ব্যতিক্রমী চিন্তাধাৰাৰে বিস্ময়ক জন্ম দিয়া শশী ফুকনে সেই সময়তে তথাকথিত অসমীয়া সাহিত্যত ঠেক গণ্ডীৰ পৰা ওলাই এক নতুন চিন্তা–চেতনাৰে উদ্বুদ্ধ কৰিছিল যুৱসকলক৷ শশী ফুকনৰ জন্ম হৈছিল বিশ্বনাথৰ টেঙাবৰী গাঁৱত৷ ১৯৬৪ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ প্রাগজ্যোতিষ কলেজত নামভর্তি কৰা শশী ফুকনে কলেজীয়া কালতে বিস্ময়ৰ জন্মৰ কথা চিন্তা কৰিছিল৷ মন কৰিবলগীয়া যে ৭ ছেপ্টেম্বৰত বাথৰুমত পৰি আঘাতপ্রাপ্ত হোৱা শশী ফুকনক হায়াট হাস্পতালৰ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত জিএমচিএইচত ভর্তি কৰোৱা হৈছিল৷

You might also like