বিশেষ বাৰ্তা, ১২ মে’ : ঢেকীয়াজুলি-ৰ ইতিহাসপ্ৰসিদ্ধ শিঙৰীৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী তাৰা দেৱীয়ে অৱসৰৰ পিছত লাভ কৰা সম্পূৰ্ণ ধনেৰে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা ঐতিহ্যমণ্ডিত শিঙৰীৰ শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়লৈ যোৱা নৱনিৰ্মিত অসমমালা পথত এখন আটকধুনীয়া তোৰণ ৷ প্ৰয়াত গুণাভিৰাম বৰঠাকুৰ আৰু প্ৰয়াত বিমলী বৰঠাকুৰৰ নামত থকা ব্যক্তিগত ন্যাস জি বি ফাউণ্ডেচনৰ উদ্যোগত শ্ৰীশ্ৰী গুপ্তেশ্বৰ বাবাৰ নামত অৰ্পণ কৰিবলগীয়া তোৰণখনৰ আজি মাংগলিক আহ্বান কৰে শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত ১২ বছৰ বয়সৰ পৰাই সেৱা আগবঢ়াই অহা দেউৰী ললিত নাথে। শিলান্যাস কৰে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ৷ প্ৰাগঐতিহাসিক কালৰ পৰাই ঐতিহ্য বহন কৰি অহা শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শিঙৰী পাহাৰৰ বিতোপন প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপিত অতি জাগ্ৰত শিৱ মন্দিৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বৃত্তান্তৰ লগত নিৱিড়ভাৱে জড়িত শ্ৰীশ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে খনন কাৰ্য চলাই উদ্ধাৰ কৰিছিল অসমৰ ইতিহাসৰ তিনিটা সাংস্কৃতিক স্তৰৰ স্থাপত্যৰ অংশবিশেষ । যিটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ ভিতৰতে একেবাৰে বিৰল পৰিঘটনা। উক্ত ইতিহাসপ্ৰসিদ্ধ জাগ্ৰত দেৱালয়লৈ যোৱা পথত এখন তোৰণ আগবঢ়াবলৈ পাই নিজকে ধন্য মানিছোঁ বুলি কয় তোৰণখন আগবঢ়োৱা অৱসৰী শিক্ষয়িত্ৰী তাৰা দেৱীয়ে। অৱসৰী শিক্ষয়িত্ৰীগৰাকীৰ স্বামী তথা অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে পৰিয়ালৰ তৰফৰ পৰা তোৰণখন আগবঢ়াবলৈ পাই অতি সুখী অনুভৱ কৰা বুলি জনায়।
প্ৰেৰক কল্পজ্যোতি নাথ