নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ পদাংকৰে স্বাৱলম্বী মহিলা গ্ৰন্থ ব্যৱসায়ী দীপান্বিতা বৰা

প্ৰশান্ত বৰগোহাঁইৰ প্ৰতিবেদনঃ বৈদ্যুতিন আৰু সামাজিক মাধ্যমে গ্ৰন্থৰ জগতখন একপ্ৰকাৰ গ্ৰাস কৰাৰ উপক্ৰম হোৱাৰ সময়তে এচাম গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাই নিৰৱে সোঁতৰ বিপৰীতে সাঁতোৰ দি প্ৰজ্ঞাৰ সুবাস বিলোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ১৯৮০ চনতে গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা শিৱসাগৰৰ পৰশমণি বুক ষ্টলৰ স্বত্বাধিকাৰী গকুল বৰাৰ দুহিতা দীপান্বিতা বৰাই পিতৃৰ পদাংক অনুসৰণ কৰি গ্ৰন্থৰ ব্যৱসায়েৰে এগৰাকী স্বাৱলম্বী মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। শিৱসাগৰ মেলাচকৰৰ নিবাসী গ্ৰন্থপ্ৰেমী গকুল বৰাৰ এক সপোন আছিল স্বাধীনকৈ কিছু কাম কৰাৰ। যি কামে দহজনৰ উপকাৰ সাধন কৰাৰ লগতে নিজকো সদায় উৎফুল্লিত কৰি ৰাখিব পাৰে। সেয়ে তেওঁ বাছি ল’লে প্রথমতেই গ্ৰন্থৰ দৰে ব্যৱসায়। জ্যেষ্ঠ ভাতৃৰ স’তে শিৱসাগৰ নগৰৰ মাজমজিয়া ব’র্ডিং ৰ’ডত ‘নিউ বুক ষ্টল’ নামৰ এখন গ্ৰন্থৰ প্ৰতিষ্ঠান আৰম্ভ কৰে। যি সময়ত শিৱসাগৰ চহৰত গ্ৰন্থৰ প্ৰতিষ্ঠান কম আছিল সেই সময়ত স্কুল-কলেজৰ পাঠ্যপুথিৰ উপৰি বাহিৰা গ্ৰন্থৰ মূল প্রতিষ্ঠান হিচাপে ১৯৬০ চনৰ পৰা ‘নিউ বুক ষ্টলে’ অসমত নিজকে উজলাই তুলিলে। তেওঁলোকে লাহে লাহে গ্রন্থ প্ৰকাশৰ কামো আৰম্ভ কৰিলে। সেই সময়ত অসমত উন্নত ছপাশাল নথকাত কলিকতাত গ্রন্থ ছপা কৰি আনি শিৱসাগৰত বিক্ৰীৰ ব্যৱস্থা কৰিছিল। সেই সময়তে তেওঁলোকে ছপা কৰি উলিয়াইছিল- ‘কুমৰ হৰণ কাব্য’, ‘চোৰ ধৰা’, ‘পিম্পৰা গুচোৱা’, যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কাব্য প্রতিভা’, ‘বেজবৰুৱাৰ সাহিত্য আলোচনা’, ড০ লীলা গগৈৰ শিশু গ্রন্থ ‘সোণতৰা’ আৰু ‘খৰা শিয়ালৰ বিয়া’। ১৯৮০ চনত গ্ৰন্থৰ প্ৰতি একাত্মবোধ অনুভৱ কৰা গকুল বৰাই নিজাকৈ এক গ্রন্থ প্রতিষ্ঠান আৰম্ভ কৰি নাম দিয়ে ‘পৰশমণি’। বিভিন্নজনৰ পৰশত সেই শিৱসাগৰ নগৰৰ টেম্প’ল ৰ’ডত সেই গ্রন্থ প্রতিষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ লগতে গ্ৰন্থপ্ৰেমীৰ চাহিদা পূৰণ কৰি আহিছে বৰ্তমানলৈকে। প্রকাশক হিচাপে পাঠকক উপহাৰ দিয়া গ্ৰন্থকেইখন হ’ল- চৈয়দ আব্দুল মালিকৰ ‘এজনী নতুন ছোৱালী’, ইমৰান শ্বাহৰ ‘কবি পুলিছ’, দুর্লভ বুঢ়াগোহাঁইৰ ‘ঋতুত ফুলা ফুল’, জয়কান্ত গন্ধীয়াৰ ‘মন মাটি মেঘ’, ৰমেশ দাসৰ ‘মেনকাৰ যৌৱন’, ‘ইমান মৰম আছে’ আদিৰ উপৰি শিশু গ্রন্থ ‘ঈছপৰ সাধু’, ‘হৰিচন্দ্ৰ উপাখ্যান’, ‘বিষ্ণু ৰাভাক জানো আহা’, ‘সাবিত্রী’, ‘সাধুকথাৰ হাঁচতি’, ‘আইতাৰ সাধু’, ‘প্রার্থনা পুথি’, ‘অকণিৰ ধাৰাপাত’, ‘অকণিৰ ব্যাকৰণ ৰচনা’ আদি। তেওঁৰ এই যাত্ৰাত সহধৰ্মিনীৰ উৎসাহ-অনুপ্ৰেৰণাৰ কথা অকপটে স্বীকাৰ কৰি আহিছে বৰাই। পূৰ্বে নিজৰ প্ৰতিষ্ঠান লৈ অসম সাহিত্য সভাৰ অধিৱেশন, বিভিন্ন গ্রন্থমেলাত যোগদান কৰাৰ মিঠা অভিজ্ঞতাবোৰ আজিও এইজন গ্রন্থপ্ৰেমীয়ে সুঁৱৰি আবেগিক হৈ উঠে। এই ব্যৱসায়ৰ পৰাই গকুল বৰাই তেখেতৰ একমাত্ৰ পুত্ৰ বৰ্তমান বাক্সা জিলাত ন্যায়িক দণ্ডাধীশৰূপে কৰ্মৰত দেৱাশিস বৰাক গঢ়ি তুলিলে। দেৱাশিস বৰায়ো এই ব্যৱসায়ৰ প্ৰতি যথেষ্ট অনুৰাগ আছে। সময় বৰ শক্তিশালী। জীৱনৰ অধিক সময় গ্ৰন্থৰ স’তে সহবাস কৰা গকুল বৰাই আজি কিছু পৰিমাণে ভাগৰুৱা হৈ “পৰশমণি বুক ষ্টল”ৰ দায়িত্ব অৰ্পণ কৰিলে কন্যা দীপান্বিতা বৰাৰ হাতত। অসমীয়া বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তথা আবৃত্তিকাৰ-লেখিকা হিচাপে এক সুকীয়া পৰিচয় থকা দীপান্বিতাই অসম সাহিত্য সভা, সদৌ অসম কবি সন্মিলন, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে। অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত ‘লেখক সম্বৰ্ধনা’ লাভ কৰাৰ উপৰি তেওঁৰ প্ৰকাশিত দুখন পুথি হৈছে- জীৱন তৰংগত ঈশান বৰুৱা আৰু সুৰৰ আকাশত। গ্ৰন্থৰ প্ৰচাৰ-প্ৰসাৰত বৰঙণি আগবঢ়াই গ্ৰন্থৰ ব্যৱসায় কৰা দীপান্বিতা বৰা আজি এগৰাকী সফল স্বাৱলম্বী মহিলা হিচাপে সু-প্ৰতিষ্ঠিত।

You might also like