নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচন খেলাৰ পথ ৰুদ্ধ শ্বেখ হাছিনা-ৰ, বাংলাদেশত এপ্ৰিলত সাধাৰণ নিৰ্বাচন

বাংলাদেশৰ অভ্যুত্থানৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰে। এতিয়া প্ৰশ্ন হয়, ভাৰতত থাকি শ্বেখ হাছিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে?

নিৰ্বাচন খেলাৰ পথ ৰুদ্ধ শ্বেখ হাছিনা-ৰ, বাংলাদেশত এপ্ৰিলত সাধাৰণ নিৰ্বাচন

নিউজ ডেস্ক, ১০ জুন : অৱশেষত ঘোষণা হ’ল বাংলাদেশৰ সাধাৰণ নিৰ্বাচন। মহম্মদ ইউনুছৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে ঘোষণা কৰে যে ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন সন্দৰ্ভত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ আৰু সেনাপ্ৰধানৰ মাজত সংঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল, তেতিয়া সেনাপ্ৰধানে শীঘ্ৰে নিৰ্বাচন ঘোষণা কৰিবলৈ সকীয়াই দিছিল। এতিয়া প্ৰশ্ন হয় শ্বেখ হাছিনাই ভাৰতত থাকি বাংলাদেশত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব নে নাই।

২০২৪ বৰ্ষৰ আগষ্ট মাহত যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদৰ পৰা অপসাৰণ কৰা হৈছিল, তেতিয়া অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিয়া মহম্মদ ইউনুছে ভোটাৰৰ নূন্যতম বয়স ১৭ বছৰলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল। ইয়াৰ উপৰি তেওঁ কৈছিল যে ২০২৫ চনৰ শেষৰ ফালে আৰু ২০২৬ চনৰ প্ৰথমাৰ্ধৰ ভিতৰত হয় নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে। কিন্তু অৱশেষত ইউনুছ চৰকাৰে সাধাৰণ নিৰ্বাচনৰ বাবে সময় ঘোষণা কৰিছে।

বাংলাদেশৰ অভ্যুত্থানৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতলৈ পলায়ন কৰে। এতিয়া প্ৰশ্ন হয়, ভাৰতত থাকি শ্বেখ হাছিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে? উত্তৰটো নোৱাৰে, কাৰণ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে আৱামী লীগ দলটোক আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছে। ইয়াৰ লগে লগে শ্বেখ হাছিনাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সপোন ছিন্নভিন্ন হৈ পৰিছে। যোৱা মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যে তেওঁলোকে আৱামী লীগৰ পঞ্জীয়ন বাতিল কৰিছে। ইয়াৰ বাবে দলটোৱে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে।

বাংলাদেশে নতুনকৈ সংশোধিত সন্ত্ৰাসবাদবিৰোধী আইনৰ অধীনত দেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ আনুষ্ঠানিকভাৱে ভংগ কৰিছে। এই সন্দৰ্ভত ৰাজপত্ৰিত অধিসূচনাও জাৰি কৰা হয়।

You might also like