নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুত নিৰ্মীয়মাণ জাহাজ মেৰামতি কেন্দ্ৰ পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ অক্টোবৰঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাণ্ডু বন্দৰত উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ আৰু জাহাজ পৰিবহণ খণ্ডক সুসজ্জিত কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ গুৱাহাটীৰ পাণ্ডু বন্দৰত ক্ষিপ্ৰতাৰে নিৰ্মাণ হৈ আছে বুলি সোণোৱালে জানিবলৈ দিয়ে। তদুপৰি ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰয়েদি আমদানি-ৰপ্তানি সুচল কৰাৰ লক্ষ্যৰে নিৰ্মীয়মান গুৱাহাটীৰ পাণ্ডু বন্দৰ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ওখ পথটিৰ (Elevated Road) কামৰ অগ্ৰগতিৰো সোণোৱালে আজি পৰ্যালোচনা কৰে। পাণ্ডু বন্দৰত উপস্থিত হৈ তেখেতে সংশ্লিষ্ট বিষয়াসকল আৰু অংশীদাৰসকলক উক্ত প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। ‘প্ৰধানমন্ত্ৰী গতি শক্তি’ক ত্বৰান্বিত কৰিবলগীয়া এই প্ৰকল্পই জলপথৰ আন্তঃগাঁথনি সুদৃঢ় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি সোণোৱালে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে দেশৰ জলপথ বিকাশৰ বাবে দায়বদ্ধ নডেল সংস্থা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু ব্ৰহ্মপুত্ৰ নদীক (ৰাষ্ট্ৰীয় জলপথ ২) কেন্দ্ৰ কৰি ৬৪৫ কোটি টকা বিনিয়োগেৰে বিকশিত কৰি থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। ইতিমধ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে অসমত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ১০টা নতুন জলপথ প্ৰকল্পৰ বাবে ৬৪৫ কোটি টকাৰ অনুমোদন জনাইছে। এই নতুন প্ৰকল্পৰ লক্ষ্য হৈছে নদী পৰ্যটন ত্বৰান্বিত কৰা, সুচল যাতায়াত বৃদ্ধিৰ বাবে ব্ৰহ্মপুত্ৰত নতুন সক্ষমতা গঢ়ি তোলা। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ১০০% পুঁজিৰে প্ৰকল্পসমূহ কাৰ্যকৰী কৰা হ’ব। ধুবুৰী জিলাৰ মায়া ঘাট আৰু মাজুলী জিলাৰ দৰে কৌশলগত স্থানত স্লিপৱে নিৰ্মাণৰ পৰা আৰম্ভ কৰি উত্তৰ লখিমপুৰৰ ঘাগৰ আৰু বৰপেটা জিলাৰ বহৰীত যাত্ৰী টাৰ্মিনেল স্থাপনলৈকে, প্ৰতিটো পদক্ষেপে সংযোগ বৃদ্ধি আৰু সমগ্ৰ অঞ্চলটোত নিৰৱচ্ছিন্ন জল পৰিবহণৰ সুবিধাৰ বৃদ্ধি কৰিব। গোৱালপাৰা, গুঁইজান, কুৰুৱা, ধুবুৰী, দিচাংমুখ আৰু মাটমৰাতো অতিৰিক্ত যাত্ৰী টাৰ্মিনেল স্থাপন কৰা হ’ব, যিয়ে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব। এই দহটা প্ৰকল্পই পৰিবহণ দক্ষতা বৃদ্ধি কৰিব, সমগ্ৰ অঞ্চলটোত ঔদ্যোগিক বিকাশ আৰু বাণিজ্যক উৎসাহিত কৰিব। যিকোনো অসুবিধা নেওচি মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম ক্ষিপ্ৰতাৰে ৰূপায়ণ হ’ব বুলিও সোণোৱালে আজি উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “নদীক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে আমাৰ সভ্যতা-সংস্কৃতি। নদী কাষৰীয়া জাতি হিচাপে জলপথ সদায়েই আমাৰ জীৱনৰেখা হৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ সভ্যতাৰ এই গুৰুত্বপূৰ্ণ দিশটো অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ বাবে বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জনসাধাৰণৰ বাবে প্ৰবল সুযোগ-সম্ভাৱনা কঢ়িয়াই আনিছে। যাত্ৰীবাহী জাহাজ আৰু মালবাহী জাহাজৰ মসৃণ যাত্ৰাৰ বাবে নিম্নতম উপলব্ধ গভীৰতা (এলএডি) বজাই ৰখাৰ বাবে নিয়মীয়াকৈ ড্ৰেজিঙৰ দৰে কাৰ্যকলাপ গ্ৰহণ কৰা হৈছে। আমি নদীৰ কাষৰীয়া আন্তঃগাঁথনিৰ বিকাশৰ ব্যৱস্থা ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰি যাম।” সোণোৱালে লগতে কয়, “আমাৰ সমৃদ্ধ জলপথ ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ দিনত সকলোধৰণৰ মনোযোগৰ পৰা বঞ্চিত হৈ আছিল। ২০১৪ চনৰ আগতে নদীপথৰ বিকাশত গুৰুত্ব দিয়া হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰৰ কল্যাণমূলক শাসনকালতহে দেশৰ লগতে অসমৰ জলপথ খণ্ডই যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বাবে বিভিন্ন নতুন প্ৰকল্প আমি হাতত লৈ আহিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ক নেতৃত্বত জলপথসমূহক সক্ষম আৰু শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ব্ৰহ্মপুত্ৰ নদীয়ে এক সমৃদ্ধ বাণিজ্য আৰু অৰ্থনৈতিক উজ্জীৱিতকৰণৰ পথ হিচাপে ইয়াৰ পুৰণি গৌৰৱ পুনৰুদ্ধাৰ কৰাৰ পথত আগবাঢ়িছে, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লোকসকলৰ বাবে বিশাল অৰ্থনৈতিক সুযোগ-সম্ভাৱনা মুকলি হৈছে।” “মেৰিটাইম ইণ্ডিয়া ভিজন (এমআইভি)ৰ অধীনত ২০৩০ চনৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণ খণ্ডক এক নতুন শিখৰত উপনীত কৰোৱাৰ সংকল্প লোৱা হৈছে। উত্তৰ-পূবত সম্প্ৰতি ২০টা জলপথ পৰিচালনা কৰা হৈ আছে, যি ২০১৪ চনলৈকে কেৱল ‘এটা’হে আছিল। উত্তৰ-পূব অঞ্চলত জলপথ পৰিবহণ আৰু পৰ্যটন আন্তঃগাঁথনিত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ কেইবাটাও পৰিৱৰ্তনশীল প্ৰকল্প সাজু কৰা হৈছে। ইয়াৰ ভিতৰত আছে যোগীঘোপা, তেজপুৰ, বিশ্বনাথঘাট, নিমাতী, শদিয়া আৰু বিন্ধাকটাত মুঠ ৮.৪৫ কোটি টকাৰ বিনিয়োগৰ সৈতে ছয়খন পৰ্যটক জেটিৰ নিৰ্মাণ। এনেদৰে বিভিন্ন দূৰদৰ্শী প্ৰকল্পৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক আমূল পৰিবৰ্তনৰ সূচনা কৰা হৈছে।”, সোণোৱালে লগতে উল্লেখ কৰে।

You might also like