নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জংঘলৰ মাজতে ‘জিলিকিছে’ শিৱসাগৰ সৌধৰ নামফলক-সংলগ্ন  উদ্যান

👉চৰকাৰী পৰিচৰ্য্যাৰ অভাৱত জহি খহি গৈছে শিৱসাগৰ সৌধৰ নামফলক

👉বনৰীয়া হাবি জংঘলেৰে আৱৰি ধৰিছে চৰকাৰী শিৱসাগৰ সৌধ সংলগ্ন  উদ্যান

👉শিৱসাগৰ দিৱসত এলাগী শিৱসাগৰ  সৌধ-উদ্যান

👉চকু মুদা কুলিৰ ভাৱত শিৱসাগৰ জিলা প্ৰশাসন

👉চহৰৰ প্ৰৱেশ দ্বাৰতেই শিৱসাগৰ সৌধৰ কৰুণ ছবি

নিয়মীয়া বাৰ্তা, ৮ জুলাই : ঐতিহ্যমণ্ডিত শিৱসাগৰ চহৰৰ প্ৰৱেশ দ্বাৰতেই থকা জিলাখনৰ গৌৰৱ নিহিত হৈ থকা শিৱসাগৰ সৌধৰ আধাৰশfলাৰ নামফলকৰ লগতে শিশু উদ্যানখনৰ  জৰাজীৰ্ণ-অৱহেলিত ছবিয়ে সাধাৰণ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰতিদিনে দেশী বিদেশী পৰ্য্যটকে ঐতিহ্য মণ্ডিত চহৰ খনৰ পৌৰাণিক সম্পদৰাজি স্ব-চক্ষে প্ৰতক্ষ্য কৰিবৰ বাবে চহৰখনত ভিৰ কৰাৰ সময়তেই চহৰখনৰ প্ৰৱেশদ্বাৰতেই অতি দৃষ্টিকটূ ভাৱে শিৱসাগৰ জিলাখনৰ সাহস-গৌৰৱৰ স্মৃৰ্তি বহণ কৰি থকা শিৱসাগৰ সৌধৰ নাম ফলক আৰু সৌধ সংলগ্ন শিশু উদ্যাণৰ এই জৰাজীৰ্ণ-অৱহেলিত অৱস্থাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ বিশেষকৈ যিসময়ত শিৱসাগৰ দিৱসৰ পূৰ্তি উপলক্ষে এক জুলাইত শিৱসাগৰ জিলা প্ৰশাসনে অতি জাকজমকীয়াভাৱে শিৱসাগৰ দিৱস উদযাপন কৰিছে সেই সময়তেই চহৰখনৰ প্ৰৱেশ দ্বাৰতেই এনেদৰে অৱহেলিত ৰূপত সৌধৰ আধাৰশিলাৰ নামফলক আৰু উদ্যানখন বনৰীয়া হাবি জংঘলৰ মাজত অদৃশ্য হোৱাৰ উপক্ৰম ঘটাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ উল্লেখ্য যে যোৰহাটৰ পৰা বিভক্ত হৈ সুকীয়াকৈ জিলা গঠন হোৱাৰ উপলক্ষত ২০১৪ চনৰ ১ জুলাইৰ পৰা প্ৰতিবছৰৰ নিদিষ্ট ১ জুলাইৰ দিনটোত চৰকাৰী উদ্যোগত শিৱসাগৰ দিৱস উদযাপন কৰি অহা হৈছে৷ শিৱসাগৰ দিৱস হিচাবে পালন কৰা প্ৰথম বৰ্ষৰ প্ৰথমটো কাৰ্য্যসূচীতেই মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰিছিল সেই সময়ৰ মূখ্য মন্ত্ৰী তৰুণ গগৈয়ে ৷প্ৰথম শিৱসাগৰ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শিৱসাগৰ সৌধৰ আধাৰশিলা স্থাপন কৰিছিল৷ যি সৌধৰ আধাৰশিলাৰ নামফলকৰ লগত পিছফালে সংলগ্ন হৈ থকা এখন আটক ধুনীয়া উদ্যান শিশুসকলৰ বাবে উৎসৰ্গা কৰিছিল৷ আমোলাপট্টীৰ নৱনিৰ্মিত দিখৌ দলঙৰ প্ৰৱেশদ্বাৰৰ হেলনীয়া অংশটোত অতি কম পৰিসৰৰ ভূমিত নিৰ্মিত উদ্যানখনক লৈ চহৰবাসীও যথেষ্ট আশাবাদী আছিল ৷ ঐতিহ্যমণ্ডিত চহৰ খনৰ প্ৰৱেশদ্বাৰতেই শিৱসাগৰ সৌধৰ এই উদ্যানখন সেই সময়ত প্ৰতিগৰাকী সাধাৰণ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কেইবা লক্ষাধিক ব্যয় সাপেক্ষে বিভিন্ন মূল্যবান ফুল, বিভিন্ন ফল মূলৰ পুলি ৰূপনেৰে এখন আটক ধুনীয়া উদ্যানৰ ৰূপ দিবলৈ চেষ্টা কৰা উক্ত উদ্যানখন পৰৱৰ্তী সময়ত এৰাবাৰীলৈ ৰূপান্তৰিত হল ৷ জানিব পৰা মতে প্ৰশাসনৰ পৰ্য্যবেশনত লোক নিৰ্মাণ বিভাগে চোৱা চিতা কৰা উদ্যানখনৰ বিপৰীতে কৰ্মচাৰীও নিয়োগ কৰা আছে ৷ কিন্তু আচৰিত ধৰণে শিশুৰ কলৰৱেৰে মূখৰিত হব লগীয়া উদ্যানখনত শিশুৰ কলৰৱ উঠাতো দূৰৰৈ কথা হাবি জংঘলেৰে আৱৰি ধৰা উদ্যানখনত এতিয়া মচুৱা সাপৰ বিচৰণ ভূমিলৈ পৰ্য্যবেশিত হৈছে ৷ আন নালাগে যি সময়ত শিৱসাগৰ জিলা প্ৰশাসনে লক্ষ লক্ষ টকা চৰকাৰী ধন ব্যয়ৰে জাকজমকীয়া শিৱসাগৰ দিৱস আয়োজন কৰিছে সেই সময়তো শিৱসাগৰ  সৌধৰ আধাৰ শিলা আৰু লগতে লাগি থকা উদ্যানখন আৱৰি ধৰা বনৰীয়া হাবি জংঘল খিনি চাফ চিকুন কৰিব নোৱাৰাৰ ঘটনাই চৰকাৰী হেমাহীৰ ছবিখনেই কাৰ্য্যত প্ৰকট কৰি তুলিছে ৷ সচেতন মহলে শিৱসাগৰ গৌৰৱ জড়িত হৈ থকা শেলুৱৈ ধৰা শিৱসাগৰ সৌধৰ আধাৰশীলাৰ নাম ফলক আৰু সংলগ্ন উদ্যানখন চিকুনাই শিশুৰ উমলা উপযোগী কৰি তুলিবলৈ জিলা উপায়ুক্তৰ প্ৰতি দাবী জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like