নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিহৰণকাৰী ঘটনা : মানাহত পৰ্যটকৰ বাহনত খুন্দা খঙাল গঁ‌ড়ৰ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এশিঙীয়া গঁ‌ড়ৰ আক্ৰমণ। পৰ্যটকৰ বাহনক আক্ৰমণ কৰে প্ৰকাণ্ড গঁ‌ড়ৰ আক্ৰমণ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলৰ মথনগুৰী-বাঁ‌হবাৰী পথৰ লতাঝাৰৰ সমীপত সংঘটিত হয় শিহৰণকাৰী ঘটনা। বঙাইগাঁৱৰ পৰা অহা এটা পৰ্যটকৰ দলে জীপ চাফাৰী উপভোগ কৰি থকাৰ মাজতেই চোঁচা লয় গঁ‌ড়টোৱে। খঙাল গঁ‌ড়টোৱে পৰ্যটকৰ দলটোৱে চাফাৰী কৰি থকা জীপখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। অৱশ্যে অভিজ্ঞতাসম্পন্ন জীপ চলকজনে আক্ৰমণাত্মক গঁ‌ড়টোৰ পৰা পৰ্যটকৰ দলটোক গন্তব্যস্থানলৈ লৈ যায়। পৰ্যটকৰ দলটোত কেইবাগৰাকী মহিলা আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁ‌হবাৰী বনাঞ্চলত প্ৰায়েই গঁ‌ড়ৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে পৰ্যটক।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like