🔹 দুৰ্বৃত্তৰ দলে হানি-খুঁচি হত্যা কৰিলে চুলমান আলীক
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট : ৰূপহীহাটৰ শ’লমাৰীত যোৱানিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় ৷ যোৱানিশা ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা শ’লমাৰীৰ নিজ বাসগৃহ অভিমুখে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে চুলমান আলী নামৰ লোকজনক । পৰিয়ালৰ অভিযোগ অনুসৰি, চুলমান আলীৰ বিৰুদ্ধে প্ৰায় ৮ বছৰ ধৰি এটা গোচৰ আদালতত চলি আছিল । চলিত মাহৰ ৫ তাৰিখে গোচৰৰ শুনানিত চুলমান আলীক নিৰ্দোষী বুলি ৰায় প্ৰদান কৰে আদালতে। সেই আখেজতে যোৱানিশা কাৱৈমাৰীৰ পৰা নিজ গৃহ অভিমুখে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত দুৰ্বৃত্তৰ দল এটাই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা ৰূপহীহাট আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে এয়া এক হত্যাকাণ্ড বুলি মন্তব্য কৰে ৷ কোনে কি কাৰণত চুলমান আলীক আন্ধাৰৰ সুযোগ লৈ হানি-খুঁচি হত্যা কৰিলে, সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব ৷ আনহাতে, পুথিখাইতীত দুৰ্বৃত্তৰ আক্ৰমণত নিহত চুলমান আলীৰ বাসগৃহত আজি পুৱাৰ ভাগতে উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ কৰ্মীৰ সমান্তৰালভাৱে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে মাত মাতি আহিছিল চুলমান আলীয়ে ৷ যাৰ কাৰণে অসাধু ব্যক্তিয়ে লক্ষ্য কৰি লৈ এই কাণ্ড সংঘটিত কৰা বুলি মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে । হত্যাকাৰীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ প্রশাসনক দাবী জনায় সাংসদ ৰকিবুল হুছেইনে ।
প্ৰেৰক জহিৰুল ইছলাম