বিশেষ বাৰ্তা, ৩১ অক্টোবৰঃ ডিব্ৰুগড়ত ফুট গধূলিতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা।চহৰৰ মাজমজিয়াত এজন লোকক শূন্য দূৰত্বৰ পৰা গুলিওৱাত গুৰুতৰভাৱে আহত হয় সিদ্ধাৰ্থ ৰাজখোৱা নামৰ এগৰাকী ব্যক্তি। জানিব পৰা মতে ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুকা গাঁৱৰ মছজিদৰ সন্মুখত বাইকেৰে নিজ গৃহাভিমুখে গৈ থকা অৱস্থাতে শূণ্য দূৰত্বৰ পৰা অচিনাকি দুৰ্বৃত্বই গুলীয়াই পলায় যায়। গুলীবিদ্ধ হৈ সিদ্ধাৰ্থ ঘটনাস্থলীতে পৰি যায়। চহৰখনৰ নতুন গাঁও নিবাসী তথা ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত চাকৰি কৰা সিদ্ধাৰ্থক, কোনে কিয় গুলীয়ালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। গুলীবিদ্ধ সিদ্ধাৰ্থ বৰ্তমানে বিপদমুক্ত। ঘটনাৰ সন্দৰ্ভত প্ৰদীপ্ত ৰাজখোৱা আৰু প্ৰদীপ ৰাজখোৱাক সোধাপোচাৰ বাবে আটক কৰিছে।
প্ৰেৰক বিভাস দুৱৰা