বিশেষ বাৰ্তা, ৩ ডিচেম্বৰঃ কামৰূপৰ দদৰা আৰক্ষী চকীৰ অন্তৰ্গত আজ্ঞাঠুৰীত আজি দিনৰ প্ৰায় ১০ বজাত আৰক্ষী আৰু ড্ৰাগছ সৰবৰাহকাৰী মাজত হোৱা গুলীয়াগুলীত এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷ প্ৰাপ্ত তথ্য মতে, গুৱাহাটী দিশৰ পৰা হাজো অভিমুখে এখন এ এচ ০১ এফ কিউ ৮৫৩৫ নম্বৰৰ চুইফট বাহনৰে ড্ৰাগছসহ তিনিগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আহি আছিল৷ এই খৱৰ গোপনে লাভ কৰিছিল অসম আৰক্ষীয়ে৷ কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত ড্ৰাগছ সৰবৰাহকাৰীকেইজনক ধৰিবলৈ চলিছিল এক অভিযান৷ আৰক্ষীয়ে আমিনগাঁও দলঙৰ তলৰ পৰাই গাড়ীখন ৰখাবলৈ ইংগিত দিছিল যদিও আৰক্ষীৰ সংকেট নামানি তীব্ৰ বেগত ড্ৰাগছ সৰবৰাহকাৰীয়ে গাড়ী চলাই আহি আজ্ঞাঠুৰীৰ গণেশ মন্দিৰৰ সমীপতে প্ৰথমতে এখন টেম্পোত খুন্দা মাৰি আন এখন বাইক আৰু চাৰিচকীয়া বাহনত গুন্দিয়াই গাড়ীখন ৰৈ যাবলগীয়া হোৱাত এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে পিছে পিছে আহি থকা আৰক্ষীক লক্ষ্য কৰি গুলী চলোৱাত আৰক্ষীয়েও গুলীৰে প্ৰতুত্তৰ দিয়াত ছালাম নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জন থিতাতে নিহত হয়৷ তেওঁৰ ঘৰ গুৱাহাটীৰ হাতীগাঁৱত বুলি জানিব পৰা গৈছে ৷ লগত থকা আন দুজন ক্ৰমে হাজো বৰম্বৈৰ ৰাজীৱ ওৰফে হিৰণ্য ঠাকুৰীয়া আৰু ফাইজুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইফালে আৰক্ষীৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীয়াগুলীত নুৰ ইচলাম আৰু ৰেৱতী ভাৰলী নামৰ দুগৰাকী সাধাৰণ লোক আহত হৈছে৷ আনহাতে মহিলা কনিষ্টবল হিমা দাসৰ হাততো গুলীয়ে আঘাট কৰে৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অনুসন্ধান চলাই আছে৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চপা উত্তেজনা বিৰাজ কৰিছে ৷
প্ৰেৰক দিলীপ মেধি