নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী-ডিব্রুগড়-শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান-পোহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ এতিয়াৰে পৰা গুৱাহাটী, ডিব্রুগড় আৰু শিলচৰত ২৪ ঘণ্টাই খোলা থাকিব দোকান–পোহাৰ৷ এই মহানগৰ তিনিখনত নাথাকিব সাপ্তাহিক বন্ধও৷ ডিব্রুগড়ত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেটৰ অন্তত সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে বাকী চহৰসমূহত নিশা দুই বজালৈ দোকান–পোহাৰ খোলা থাকিব৷ গ্রামাঞ্চলত নিশা ১১ বজালৈ দোকান–পোহাৰ খোলা ৰাখিব পাৰিব৷ ক্ষুদ্র ব্যৱসায়ীসকলৰ উপার্জন বৃদ্ধিৰ বাবেই চৰকাৰে এই সিদ্ধান্ত লোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দোকান–পোহাৰ খোলা ৰখাৰ সময় চৰকাৰে বৃদ্ধি কৰিছে যদিও ব্যৱসায়িক প্রতিষ্ঠানসমূহে এজন শ্রমিকক দৈনিক ৯ ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব৷ তেওঁলোকে তিনিটা ছিফ্টত শ্রমিক–কর্মচাৰী নিয়োগ কৰিব লাগিব৷ ইয়াৰ ফলত সংস্থাপনৰো সুযোগ ওলাব৷ সুৰা বিপণী খোলা ৰখাৰ সময়ৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সুৰা বিপণী ২৪ ঘণ্টাই খোলা ৰখাৰ ব্যৱস্থা কৰা নহয়৷

You might also like