নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰাগাৰৰ পৰা মুক্ত শৃংখল চলিহা

নিয়মীয়া বাৰ্তা, ২০ জুন : বাপতি সাহোন বিহুৰ সন্দৰ্ভত অশালীন মন্তৰ্ব্য কৰাৰ প্ৰতিবাদকল্পে অনা-অসমীয়া ব্যৱসায়ীৰ মুখত থুৱাই আইনী পাক চক্ৰত পৰি এন এচ এৰ দৰে কঠোৰ আইনৰ অধীনত প্ৰায় ৪৫ দিন ধৰি কাৰাগাৰত বন্দী হৈ থকা বীৰ লাচিত সেনাৰ বাকপটু নেতা শৃংখল চলিহাক আজি মাজ নিশা নাটকীয়ভাৱে কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ ঘটনাই পৰিয়াল-সমৰ্থকৰ মাজত আনন্দৰ জোৱাৰ তুলিছে৷ গ্ৰেপ্তাৰৰ সময়ত গ্ৰহণ কৰা অত্যাধিক গোপনীয়তাৰ দৰেই মুক্তিৰ সময়তো চৰকাৰ-প্ৰশাসনে অনূৰূপ গোপনীয়তাৰে মাজ নিশা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলিহাক স্ব- গৃহত পৰিয়ালৰ মাজত চমজাই থৈ আহেগৈ। দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ মজুতকৰণ ইত্যাদি বহু গুৰুত্বৰ ধাৰা সন্নিৱিষ্টৰে অনিদিষ্টকাললৈ কাৰাগাৰলৈ নিক্ষেপ কৰা শৃংখল চলিহাক হৰ্ঠাত কিয়, কেনেকৈ, কিহৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ পৰা ৰেহাই দি মুকলি কৰি দিয়া হ’ল সেই সন্দৰ্ভত সাধাৰণ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে কোনো তথ্য সদৰী কৰা নাই ৷ ইফালে মাজ নিশা শৃংখল চলিহা ঘৰলৈ অহাৰ পাছত মাতৃযে সংবাদ মাধ্যমৰ আগত কয় যে “নিশা যেতিয়া সি মা অ মা মাতিছে মই ভাবিছো সপোন দেখি আছো। কিন্তু ল’ৰাক সঁচাকৈয়ে ঘৰত দেখি বহুত আনন্দ পালো।দেখি থকা সপোন সঁচা হ’ল যেন লাগিল। শৃংখল চলিহাৰ মুক্তি ইমানেই আকস্মিক আছিল যে চলিহাই নিজেই বুজি পোৱা নাই তেওঁক কিয় এৰি দিয়া হ’ল। কিয়নো শিৱসাগৰৰ জিল দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে জাৰি কৰা হুকুমনামাত শৃংখল চলিহাক তিনি মাহৰ বাবে কাৰাৰুদ্ধ কৰি ৰখাৰ আদেশ দিয়া হৈছিল। অৱশ্যে শৃংখল চলিহাৰ এনে মুক্তিৰ আঁৰত পৰামৰ্শদাতা সমিতিৰ যে হাত আছে সেই বিষয়ত সন্দেহ নাই। কিয়নো ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত চলিহাৰ বিৰুদ্ধে অনা হৈছিল বহু কেইটা গুৰুতৰ অভিযোগ। ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি চলোৱা, পথ আৰু ৰেল পৰিবহণ সেৱা বন্ধ কৰি দি আকালৰ পৰিস্থিতি সৃষ্টি কৰা,অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰা আদিকে কৰি বহু কেইটা আতংকবাদীৰ দৰে গোচৰ জাপি দিয়া হৈছিল। কিন্তু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ নিয়ম অনুসৰি উক্ত আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা জনক এক এডভাইজৰি বৰ্ড অৰ্থাৎ পৰামৰ্শদাতা সমিতিৰ আগত অভিযোগ সহ হাজিৰ কৰোৱা হয়। উক্ত বৰ্ডে যদি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে অনা অভিযোগ সমূহৰ নাৰ্যতা নাপাই তেন্তে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। শৃংখলৰ লগতো তেনে হোৱাৰ ধাৰণা কৰা হৈছে। এসপ্তাহ আগত, যোৱা মঙলবাৰে তেওঁক বৰ্ডৰ আগত হাজিৰ কৰোৱাৰ পাছত যোৱা নিশা শৃংখলক মুকলি কৰি দিয়া হ’ল। এই ক্ষেত্ৰত শিৱসাগৰ জিলা দণ্ডাধীশে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ বাবে অনা অভিযোগসমূহ সঁচা তথা শৃংখল চলিহা ৰাষ্ট্ৰৰ বাবে এক ভাবুকি বুলি এডভাইজৰি বৰ্ড পতিয়ন নগল। আনহাতে মুকলি আকাশৰ তললৈ আহি ভাৰতৰ ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰে চলিহাই। তেওঁ কয় যে মোৰ বিৰুদ্ধে অনা অভিযোগ সমূহ মিছা হোৱাৰ বাবেই মোৰ কাৰাৱাস অন্ত পৰিল। মই ৰাষ্টদ্ৰোহী যে নহয় সেইয়া প্ৰমাণ হ’ল। খিলঞ্জীয়াৰ সংগ্ৰাম অব্যাহত থাকিব বুলি চলিহাই উল্লেখ কৰি কয় যে তেওঁ কাৰাগাৰত থকাৰ সময়ত এক অনা অসমীয়াৰ লবী গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু তেওঁলোকে নাজানে যে বাঘক পিঞ্জৰাত ৰাখি শিয়ালে হাবিখন সিহঁতৰ বুলি ভবাতো ভুল। শৃংখল চলিহা আৰু বাঘে কেতিয়াও ঘাঁহ নাখায় বুলি উল্লেখ কৰি চলিহাই কয় যে অসম, অসমীয়া, অসমীয়া সংস্কৃতি, ভাষা, কৃষ্টি ৰক্ষাৰ এক তীব্ৰ সংগ্ৰাম গঢ়ি তোলা হ’ব। অৱশ্যে বিজেপিৰ বিৰুদ্ধে তেওঁৰ স্থিতি কি হ’ব বুলি সোধা প্ৰশ্নত তেওঁ কয় যে ২০২৪ চনত ৰাইজেই বিজেপি নিঃশেষ কৰিব। উল্লেখযোগ্য যে শিৱসাগৰ সদৰ থানাত যোৱা ২ মে’ত ৰুজু হোৱা ৬৩/২৩ নম্বৰৰ এক গোচৰত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত ৩ মে’ত জেলৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়তে জাতীয়তাবাদী নেতাগৰাকীক জিলা দণ্ডাধীশৰ নিৰ্দেশত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। এই কথাই তেতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল শিৱসাগৰ তথা ৰাজ্যৰ জাতীয়তাবাদী শিবিৰত। উল্লেখযোগ্য যে, বিহুৰ বিৰুদ্ধে অশালীন মন্তৰ্ব্য কৰাৰ প্ৰতিবাদত থু পেলোৱাৰ বাবেই শিৱসাগৰৰ অঙ্কুশ কেদিয়া নামৰ এজন ব্যক্তিয়ে সেই সময়ত দাখিল কৰা এজাহাৰৰ ভিত্তিত IPC 447/384/352/426/270/294/505/340 ধাৰাত গোচৰ ৰুজু কৰা হৈছিল চলিহাৰ বিৰুদ্ধে।উক্ত গোচৰত অভিযুক্ত শৃংখল চলিহাক শিৱসাগৰৰ অতিৰিক্ত ন্যায়িক দণ্ডাধীশ অদালতত হাজিৰ কৰোৱাৰ পাছত আদালতে চলিহাৰ জামিন মঞ্জুৰ কৰে। কিন্ত আদালতত বেলবণ্ড জমা দিয়াৰ সময়সীমা উকলি যোৱাৰ বাবে এটা ৰাতিৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল চলিহাক। সেই অনুসৰি পিছদিনা পুৱা মুকলি আকাশৰ তললৈ অহাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছিল। কিন্তু অতি নাটকীয়ভাৱে কাৰাগাৰৰ পৰা ওলাই বাহিৰত প্ৰৱেশ কৰোতেই পূৰ্বৰ পৰা অপেক্ষা কৰি থকা শিৱসাগৰ আৰক্ষীৰ এটা দলে পুনৰ গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like