নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰতে এহেজাৰ কোটি সংগ্রহ শুভম জৈনৰ

🔹 তদন্তত উন্মোচিত জিএছটি ফাঁকিৰে চলোৱা লুণ্ঠনৰ ভয়ংকৰ তথ্য

🔹 ৫০খনতকৈ অধিক ফার্মেৰে ক’লা হীৰাৰ অবৈধ সৰবৰাহ

বিশেষ বাৰ্তা, ৯ মার্চ : অকল অসমৰ পৰাই নহয়, উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ নামত দৈনিক বহিঃৰাজ্যলৈ অবৈধ উপায়েৰে সৰবৰাহ হৈ আছে ক’লা হীৰা কয়লা৷ শেহতীয়াকৈ কেন্দ্রীয় জিএছটিয়ে অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে চলোৱা অভিযানত গ্রেপ্তাৰ কৰা শুভম জৈন নামৰ কয়লা ব্যৱসায়ীজনক চলোৱা মাৰাথন জেৰাৰ অন্তত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য৷ গুৱাহাটীৰ পৰা কয়লা সৰবৰাহত ব্যৱহাৰ কৰা হয় চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডত পঞ্জীকৃত ভুৱা ফার্ম৷ শেহতীয়াকৈ যোৱা বুধবাৰে চিজিএছটি, কৰ আৰু সীমা শুল্ক বিভাগে যুটীয়াভাৱে মহানগৰীৰ বিভিন্ন প্রান্তত অভিযান চলায়৷ ইয়াৰ ভিতৰত বশিষ্ঠৰ কামৰূপ কাঁটাতো দলটোৱে কেইবাঘণ্টা ধৰি অভিযান চলাইছিল৷ উক্ত অভিযানত কয়লা মাফিয়া শুভম জৈনৰ বহু কেলেংকাৰিযুক্ত তথ্যপাতি দলটোৱে সংগ্রহ কৰে৷ বিশেষকৈ ভুৱা জি এছ টি চালানেৰে ট্রাকে ট্রাকে কয়লা বহিঃৰাজ্যলৈ বিভিন্ন সময়ত প্রেৰণ কৰাৰ তথ্য দলটোৱে লাভ কৰে৷ সেইমর্মে যোৱা বৃহস্পতিবাৰে দলটোৱে শুভম জৈনক গ্রেপ্তাৰ কৰাৰ পিছতেই জৈন মালিকানাধীন কোম্পানীটোৰ মেনেজাৰ প্রবীণ ঝাকো গ্রেপ্তাৰ কৰিছিল৷ চিজিএছটিয়ে বিগত দুদিন ধৰি চলোৱা মাৰাথন জেৰাত কয়লা মাফিয়া শুভম জৈন আৰু মেনেজাৰ প্রবীণ ঝাই উত্তৰ–পূর্বাঞ্চলৰ কয়লা অবৈধভাৱে সৰবৰাহৰ কেইবাটাও বিস্ফোৰক তথ্য তদন্তকাৰী বিষয়াৰ আগত প্রকাশ কৰিছে৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, সমগ্র নেটৱর্কটো পৰিচালনা কৰিছিল সন্দীপ জৈন নামৰ এজন কয়লা মাফিয়াই৷ তাত সহযোগ কৰিছিল শুভম জৈন আৰু প্রিন্স জৈনে৷ উল্লেখ্য যে একেটা পৰিয়ালৰে সদস্য তিনিওজন মাফিয়াৰ ভিতৰত শুভম জৈনক গ্রেপ্তাৰ কৰা হ’ল যদিও আজিলৈকে পলাতক হৈ আছে আন দুজন সদস্য৷ ধৃত শুভম জৈনৰ মেনেজাৰ প্রবীণ ঝাই জেৰাত স্বীকাৰ কৰা অনুসৰি, অসমৰ লগতে মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডত পঞ্জীয়ন কৰা ৫০খনতকৈও অধিক ফার্মৰ নামত বিভিন্ন সময়ত অবৈধ কয়লা সৰবৰাহ কৰা হৈছিল৷ ইয়াৰ ভিতৰত তেওঁলোকৰ নিজৰ কয়লা ট্রাকো আছিল যদিও অধিকাংশই আন কয়লা ব্যৱসায়ীৰ ট্রাক আছিল৷ চক্রটোৰ মূল অভিযুক্ত তথা পলাতক সন্দীপ জৈনে কোনখন ট্রাক কেতিয়া কোন সময়ত বাহিৰলৈ যাব, সেয়া নির্ধাৰণ কৰিছিল৷ ধৃত শুভম জৈনে পার্টীৰ সৈতে কথা–বতৰা পাতি দৰ–দাম নির্ধাৰণ কৰিছিল৷ তেওঁলোকৰ মালিকানাধীন ফার্মৰ নামত যদিহে কোনো কয়লা ব্যৱসায়ীয়ে ট্রাক প্রেৰণ কৰিব বিচাৰে, তেতিয়াহ’লে প্রতিখন ট্রাকৰ জিএছটি চালানৰ নামত সংগ্রহ কৰা হৈছিল প্রায় ৭০ হাজাৰ টকা৷ ধন আদায় দিয়া পার্টীক চক্রটোৰ নিজৰ নামত থকা ফার্মৰ জিএছটি চালানৰ অধীনত কয়লা অবৈধভাৱে সৰবৰাহ কৰিবলৈ সকলো সুবিধা কৰি দিছিল সন্দীপ জৈনে৷ এনেদৰে প্রতিদিনে কেইবাশ কয়লা ট্রাক অসমৰ গুৱাহাটীৰ পৰা পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ আদিলৈ প্রেৰণ কৰা হৈছিল৷ অকল জিএছটি চালানৰ নামতেই নহয়, ৰাজ্যভেদে কয়লা সৰবৰাহৰ দামো ভিন্ন আছিল৷ অৱশ্যে সেয়া দাম নাছিল, সেয়া আছিল তেওঁলোকৰ গুণ্ডা টেক্স৷ পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ আদি ৰাজ্যলৈ কয়লা প্রেৰণৰ নামত জিএছটি চালানৰ বাদেও এক লাখৰো অধিক ধন অতিৰিক্তভাৱে প্রতিখন ট্রাকে চক্রটোক আদায় দিবলগীয়া হৈছিল৷ এনেদৰে এটা বছৰতে প্রায় এহেজাৰ কোটি টকা চক্রটোৱে অবৈধ সৰবৰাহৰ পৰাই আদায় কৰিছিল৷ অৱশ্যে ধন আদায় কৰিলেও চৰকাৰক জিএছটি সময়ত আদায় দিয়া নাছিল৷ যাৰ বাবে ৰাজকোষে বহু কোটি টকা হেৰুৱাবলগীয়া হৈছিল৷ তদন্তকাৰী বিষয়াৰ জেৰাত কয়লা মাফিয়া দুজনে মধ্য অসমৰ এজন ৰাজনীতিকৰ নামো উল্লেখ কৰিছে৷ অৱশ্যে তদন্তৰ খাতিৰত চিজিএছটিয়ে বর্তমানলৈ উক্ত ৰাজনীতিকজনৰ নাম সদৰী কৰা নাই৷ চিজিএছটিয়ে ধৃত দুয়োজন অভিযুক্তক পৰহি পুনৰ আদালতত হাজিৰ কৰে৷ দুয়োজনকে জিম্মাত বিচৰা হৈছিল যদিও আদালতে কাৰাগাৰলৈ প্রেৰণ কৰে৷

You might also like