নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত চিকল চেল এনিমিয়া নিৰ্মূল অভিযান

বিশেষ বাৰ্তা, ২০ জুন : চিকল চেল এনিমিয়া সম্পৰ্কে সৰ্বব্যাপী সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে দেশ‌ তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাত ১৯ জুনৰ পৰা ৩ জুলাইলৈকে চিকল চেল এনিমিয়া নিৰ্মূল সজাগতা ‌অভিযান আৰু স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হৈছে। কালি খোৱাং স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ চহৰীকটাত জিলা পৰ্যায়ৰ এক শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত কৰি এই চিকল চেল এনিমিয়া সন্দৰ্ভত এক জনসজাগতা সভা অনুষ্ঠিত কৰা হয়। তদুপৰি এক মেগা চিকল চেল এনিমিয়া নিৰ্ণয়কৰণ শিবিৰো অনুষ্ঠিত কৰা হয় । চহৰীকটাৰ গাঁওপ্ৰধানে উদ্বোধন কৰা এই অনুষ্ঠানত ‌জিলা ন’ডেল‌ বিষয়া ডা: ডিম্পী বৰঠাকুৰ, জিলা গণমাধ্যম বিশেষজ্ঞ, ব্লকৰ চিকিৎসক-স্বাস্থ্যকৰ্মী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। এই শিবিৰত অতিকমেও ২০০জন লোকৰ স্ক্ৰীনিং সম্পন্ন‌ কৰাৰ‌ লক্ষ্য‌ স্থিৰ কৰিছে স্বাস্থ্য বিভাগে। আনহাতে, জিলাখনৰ টেঙাখাত স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ ২নং ঢেকীয়াজান, কঁঠালগুৰি আৰু নাহৰণিৰ নাম ফাকিয়াল আয়ুষ্মান আৰোগ্য মন্দিৰতো চিকল চেল এনিমিয়া স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হয় । একেদৰে জিলাখনৰ সমূহ চৰকাৰী চিকিৎসালয়, উপ-স্বাস্থ্যকেন্দ্ৰ,‌ গ্ৰাম্য স্বাস্থ্য আৰু পৰিপুষ্টি দিৱস, মোবাইল মেডিকেল ইউনিটত চিকল চেল এনিমিয়া সম্পৰ্কে বিস্তাৰিতভাৱে ৰাইজক সজাগ কৰা হয় । চিকল চেল এনিমিয়া এটি জিনগত ত্রুটি । যেতিয়া কোনো ব্যক্তিৰ পিতৃ-মাতৃ উভয় এই জিনৰ উত্তৰাধিকাৰী হয়, তেনে ক্ষেত্ৰত সেই ব্যক্তিজন চিকল চেল এনিমিয়াত ভোগাৰ সম্ভাৱনা গাঢ় হৈ‌ পৰে। সেয়েহে এই এনিমিয়া চিনাক্তকৰণ আৰু ইয়াৰ সম্পৰ্কে সবিশেষ জনাটো অতিকে প্ৰয়োজনীয়।  উল্লেখযোগ্য যে এই কাৰ্যসূচী অহা ৩ জুলাইলৈকে ডিব্ৰুগড় জিলাত অব্যাহত থাকিব।

প্ৰেৰক বিভাস দুৱৰা

You might also like