নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দলত্যাগ নকৰে শিলাদিত্য দেৱে বিজেপিৰ হৈ কৰিব প্ৰচাৰ

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ নেডাৰ আহ্বায়ক আৰু অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে বৰ্তমানৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱে ৰাজ্যজুৰি দলৰ হৈ প্ৰচাৰ কৰিব। ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিলাদিত্য বিজেপিৰ সৈতে আছে আৰু তেওঁ ভৱিষ্যতে বিজেপি কৰ্মকৰ্তা হৈ থাকিব।

লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে শিলাদিত্য দেৱ আগতেও ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা আছিল, এতিয়াও আছে আৰু সদায় থাকিব ইয়াত কোনো সন্দেহ নাই । শিলাদিত্যই সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থাকিব। হোজাই আৰু লামডিঙটো তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি শিলাদিত্যৰ বাসগৃহত উপস্থিত আছিল সাংসদ তথা বিজেপি দলটোৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া।

একেদৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই কয়, বিজেপি এটি ৰাষ্ট্ৰীয় দল গতিকে ৰাষ্ট্ৰীয় দলৰ সিদ্ধান্ত অনুসৰি আমি ৰামকৃষ্ণ ঘোষক হোজাইৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছো । শিলাদিত্য ডাঙৰীয়াই অধিক কাম-কাজ কৰিছে আৰু ৰাম কৃষ্ণ এজন অতি পুৰণি নেতা। দুই গৰাকী বিজেপিৰ বাবে প্লাছ হ’ব । আমাৰ মাজত এতিয়া কোনো ধৰণৰ বিসম্বাদ নাই । বিজেপি দল আৰু আহিবলগীয়া সময়ত মৰ্যদা সহকাৰে দলত তেওঁক সংস্থাপিত কৰা হ’ব । শিলাদিত্য বিজেপি আছিল, আছে আৰু থাকিব ৷

মনকৰিব লগীয়া যে   ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনত শিলাদিত্য দেৱে হোজাই আসনত জয়ী হৈছিল কিন্তু এইবাৰ বিজেপি দলে টিকট প্ৰদান কৰা নাছিল। বিজেপিয়ে এইবাৰ ৰামকৃষ্ণ ঘোষক হোজাইৰ পৰা দলৰ টিকট প্ৰদান কৰিছিল।

উল্লেখ্য যে শিলাদিত্যৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হৈছিল পিয়ুষ হাজৰিকা। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত হোৱা বুলি ৰাজহুৱাকৈ মন্তব্য কৰা পিযুষ হাজৰিকাৰ সৈতে বন্ধ কোঠাত গোপন বৈঠকত বহিল শিলাদিত্য দেৱ।

বৈঠক শেষ হোৱাৰ পিছত পিয়ুষ হাজাৰিকাই শিলাদিত্য দেৱক দলতে থাকি কাম কৰি যাবলৈ অনুৰোধ জনাইছিল।পিয়ুষ হাজৰিকাই লগতে কয় যে, ‘শিলাদিত্যক টিকট নিদিয়াত মই দুখিত।কাৰণ শিলাদিত্যৰ বাবে হোজাই বদৰুদ্দিনৰ সন্ত্ৰাস পৰা মুক্ত হৈছে।’

 

You might also like