নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰ মেডিকেল কলেজত অঘটন : ছাত্ৰই মাকলৈ চিঠি লিখি ল’লে চৰম পথ

নিয়মীয়া বাৰ্তা,  ৪ ছেপ্টেম্বৰ : মাকক চিঠিৰ জৰিয়তে শেষ কথা জনাই চৰম পথ বাছি ল’লে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ এগৰাকী ছাত্রই l ছাত্রজনৰ নাম বিপ্রজিৎ কৰ l শিলচৰ মেডিকেল কলেজৰ এম বি বি এছ-ৰ চূড়ান্ত বর্ষৰ ছাত্র বিপ্রজিৎl মঙলবাৰে নিশা মাকক উদ্দেশ্যি পত্ৰ লিখি নিজৰ ৰুমতে চৰম পথ বাছি লয় বিপ্রজিৎ কৰ নামৰ ছাত্রজনে l তেওঁ চিঠিখনত লিখিছে- “মা মোক ক্ষমা কৰি দিবা, মই তোমালোকক এৰি গুচি যাম, দীর্ঘদিনৰ পৰা ডিপ্রেচনত ভুগিছোঁ মই, মোৰ বুকু প্রচণ্ড বিষাইছে, মই সহ্য কৰিব পৰা নাই l” তদুপৰি আন এখন পত্ৰত নিজ ইচ্ছা মতে এই পথ লোৱা বুলি লিখি থৈ যায় ছাত্রজনে। উল্লেখ্য যে শিলচৰ তাৰাপুৰ শিববাৰী ৰোডৰ বাসিন্দা বিপ্রজিৎ কৰ, বয়স ২৪ বছৰ। পিতৃৰ নাম বেণীমাধৱ কৰ। মঙলবাৰে নিশা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে l বর্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে l

প্ৰেৰক গৌতম তালুকদাৰ

You might also like