নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী : বৰাকত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদীৰ ঘটনা । জানিব পৰা মতে,শিলচৰৰ নাগাটিলা অঞ্চলৰ চুইমিং পুলত কাম কৰা এগৰাকী ২৪ বছৰীয়া যুৱতীৰ ওচৰত পৰিচয় লুকুৱাই ৰাখি বাংলাদেশৰ এজন যুৱকে প্ৰেমৰ অভিনয় কৰি অশ্লীল ভিডিঅ’ বনাই। ছ’চিয়েল মিডিয়াত এই অশ্লীল ভিডিঅ’টো মুকলি কৰাৰ ভাবুকি দি যুৱকজনে যুৱতী গৰাকীক অপহৰণ কৰি ত্ৰিপুৰালৈ লৈ যায়। বুধবাৰৰ দিনা নিৰুদ্দেশ হোৱা ছোৱালীজনীৰ মাতৃয়ে কয় যে ,বাংলাদেশৰ বাসিন্দা যুৱকৰ নাম মুমিন ৰহমান।সহকৰ্মী হিচাপে মুমিনে ছোৱালীজনীক অপহৰণ কৰি চোৰাংভাৱে বাংলাদেশলৈ লৈ যায়। মুমিনে প্ৰথমে তেওঁ পঞ্জাৱৰ বুলি কৈছিল আৰু পিছত ত্ৰিপুৰাৰ বুলি জানিবলৈ দিয়ে। কিন্তু ছোৱালীজনীক উঠাই লৈ যোৱাৰ পিছত কয় যে তেওঁৰ ঘৰ বাংলাদেশত আৰু তেওঁ মুছলমান সম্প্ৰদায়ৰ। ঘটনাৰ পিছত ৰাঙ্গিড়খাৰী আৰক্ষীক জনোৱা হয় যদিও আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধান উলিয়াব পৰা নাই। ছোৱালীজনীক উদ্ধাৰ কৰিবলৈএতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত তেওঁ আবেদন জনাইছে। ইপিনে জানিব পৰা মতে, নাগাটিলাৰ ডাঃ ছামছুল হক লস্কৰৰ এটা চুইমিং পুল আছে। অঞ্চলটোৰ আন এজন ব্যক্তি ৰবি মাষ্টৰে নিজৰ ঘৰত বাংলাদেশী যুৱকক আশ্ৰয় দিছে । দুয়োজনেই সাৱধানে হিন্দু ছোৱালীক চাকৰিৰ নামত প্ৰথমে নিজৰ প্ৰতিষ্ঠানলৈ লৈ গৈ সেই বাংলাদেশী যুৱকৰ সহায়ত হিন্দু ছোৱালীৰ আপত্তিজনক ভিডিঅ’ বনায়। ইয়াৰ পিছতে ছোৱালীক ব্লেকমেইল কৰি শেষত তেওঁলোকৰ লগত যাবলৈ বাধ্য কৰা হয়। এইদৰে লাভ জেহাদৰ সহায়ত বাংলাদেশলৈ হিন্দু ছোৱালীৰ সৰবৰাহ কৰি আছে। এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।’বিশ্ব হিন্দু পৰিষদৰ হৈ মিথুন নাথে কয় যে, যোৱা বছৰ এনেধৰণৰ এশৰো অধিক ঘটনা সংঘটিত হৈছিল আৰু এইবাৰ কমেও দহটা এনে ঘটনা আৰক্ষীৰ চকুৰ আওতালৈ আহিছে। তেওঁ কয়, দুখীয়া পৰিয়ালৰ ল’ৰাই ছোৱালী পালে চাকৰিৰ নামত দেশৰ বিভিন্ন ৰাজ্যত লৈ গৈ আত্মগোপন কৰে আৰু শেষত তেওঁলোকক বিক্ৰী কৰি দিয়ে ৷ অৱশ্যে ইয়াৰ আঁৰত উগ্ৰপন্থী সংগঠন আছে আৰু আমাৰ হাতত থকা তথ্য অনুসৰি নিষিদ্ধ ইছলামিক সংগঠন পিএফআইয়ে এই কাৰ্য্যকলাপ সমূহক সমৰ্থন কৰি আছে। অসমৰ বিভিন্ন প্ৰান্তত পি এফ আইৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁলোকে শিলচৰত মুক্তভাৱে ঘুৰি ফুৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ