নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ২৬ জুলাই : দেশৰ অখণ্ডতা ৰক্ষাৰ হকে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক পৰাভূত কৰি ভাৰত-পাক সীমান্ত কাৰ্গিলত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱাৰ দেশবাসীয়ে আজি ২৫টা বৰ্ষ অতিক্ৰম কৰিলে। এই মধুৰ ক্ষণত ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে কাৰ্গিলত উলহ-মালহেৰে বিজয় দিৱস উদযাপন কৰাৰ লগতে গোলাঘাট জিলাৰ খুমটাইত কাৰ্গিল যোদ্ধা বীৰ শ্বহীদ ১৭নং গাড়োৱাল ৰাইফলছৰ কেপ্টেইন বীৰচক্ৰ জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে ২৫সংখ্যক কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো খুমটাই জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আয়োজিত দিৱসত পুৱা জিণ্টু গগৈৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰে সহকাৰী আয়ুক্ত তথা গোলাঘাট জিলা ভাৰপ্ৰাপ্ত সৈনিক কল্যাণ বিষয়া কৃষ্ণাৰ্পিতা বৰুৱাই। জয়া গগৈ মহাবিদ্যালয়ৰ এন চি চি কেডাৰসকলে মাৰ্চপাষ্ট কৰাৰ পিছতেই স্থানীয় শিল্পীসকলৰ দেশপ্ৰেমমূলক গীতেৰে আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মৃণাল বৰুৱা, শিক্ষক দেৱকান্ত বড়া আদিৰ লগতে প্ৰাক্তন সৈনিক গোপাল গগৈ, লক্ষ্মীকান্ত গগৈ, সমাজকৰ্মী পদ্মকান্ত গগৈ আদিয়ে কাৰ্গিল বিজয় দিৱসৰ ওপৰত বহুমূলীয়া বক্তব্য প্ৰদান কৰে। অনুষ্ঠান উপলক্ষে ২২ জুলাইত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত নৱম আৰু দশম শ্ৰেণীৰ বাবে “কাৰ্গিল শ্বহীদ জিণ্টু গগৈৰ জীৱন আৰু স্বদেশপ্ৰেম” শীৰ্ষক ৰচনা প্ৰতিযোগিতাত শ্ৰেয়শ্ৰী বাইলুঙে প্ৰথম, চুনামিকা লাহনে দ্বিতীয়, বিক্ষা গগৈয়ে তৃতীয়, জ্যোতি ভূঞা আৰু লাকী ৰবিদাসে উদগনিমূলক বঁটা লাভ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাত বৰ্ষা গগৈ প্ৰথম, জুবলী লাহেনে দ্বিতীয়, গিনি গগৈয়ে তৃতীয়, শান্তুনু গগৈ আৰু সীমান্ত দাসে উদগনিমূলক বঁটা লাভ কৰে। কেপ্টেইন জিণ্টু গগৈৰ পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈয়ে কাৰ্গিলত আয়োজিত বিজয় দিৱসত উপস্থিত থাকিব লগা হোৱাত পুত্ৰৰ সমাধি ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। উল্লেখ্য যে কাৰ্গিলত আয়োজিত বিজয় দিৱস উপলক্ষে যোৱা ১৩ জুনত ডিব্ৰুগড়স্থিত দিনজান সেনা ছাউনীৰ আৰ্টিলেৰী বিষয়াসহ এটা সেনা বাহিনীৰ দলে বাইক ৰেলীৰে কাৰ্গিলৰ বীৰ যোদ্ধা শ্বহীদ কেপ্টেইন জিণ্টু গগৈৰ সমাধি স্থল খুমটাইত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ শ্বহীদগৰাকীৰ পিতৃ ঠগিৰাম গগৈ, মাতৃ দুলুপ্ৰভা গগৈৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি গুৱাহাটীৰে গৈ দিল্লীত সমৱেত হৈ ৮খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চলৰ মাজেৰে ৪০০০ কিলোমিটাৰ পথ বাইকেৰে যাত্ৰা কৰি কাৰ্গিল আয়োজিত ২৫সংখ্যক কাৰ্গিল বিজয় দিৱসত অংশগ্ৰহণ কৰে। সেইদিনা বাইকেৰে যোৱা সেনা বাহিনীৰ দলটোক শ্বহীদ জিণ্টু গগৈৰ বাসগৃহত মাতৃ দুলুপ্ৰভা গগৈয়ে প্ৰতিগৰাকী জোৱানকে একোখনকৈ ফুলাম গামোচা যাচি অভিনন্দন জনাইছিল। আজি আয়োজিত কাৰ্গিল বিজয় দিৱস অনুষ্ঠানত শ্বহীদ জিণ্টু গগৈৰ খুৰাক চিদানন্দ গগৈ, খুৰীয়েক জিনুপ্ৰভা গগৈ, জ্যেষ্ঠ ভগ্নী লুনা গগৈক সম্বৰ্ধনা জনোৱাৰ লগতে খুমটাই নগাঁও নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। দিৱসৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় জাচিংফা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা লাৱণ্য গগৈয়ে।

প্ৰেৰক নবীন গোহাঁই

You might also like