বইটামাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী আৰম্ভ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ বঙাইগাঁৱৰ বৃহত্তৰ বইটামাৰী অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আজিৰে পৰা দুদিনীয়াকৈ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ হৈছে। ২৫ বছৰ পূৰ্ণ হোৱা বিদ্যালয়খনৰ এই ৰূপালী জয়ন্তী আজি পুৱা বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে উদযাপন সমতিৰ সভাপতি হৰিমোহন সৰকাৰে। ইয়াৰ পিচত গছপুলি ৰোপন অনুষ্ঠান মুকলি কৰে বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা কোকৰাঝাৰ জিলা শিক্ষক প্ৰশিক্ষন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা দিনেশ চন্দ্ৰ মেধিয়ে। দুপৰীয়া ছাত্ৰ-ছাত্ৰ সকলৰ মাজত প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হোৱাৰ পিচত বিয়লি স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান ৰূপায়ন হয়। অংকুৰন নামৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰী সহযোগী অধ্যাপিকা তথা বিশিষ্ট কবি মৰমী বৰঠাকুৰ তালুকদাৰে। ৰূপালী জয়ন্তীৰ কাৰ্যক্ৰমনিকা অনুসৰি কাইলৈ প্ৰাক্তন ছাত্ৰৰ সন্মিলন, সাংস্কৃতিক অনুষ্ঠান, মকলি সভা আদি অনুষ্ঠিত হ’ব।
প্ৰেৰক ৰুবুল কান্তি দাস