সেন্দুৰ-শাখা নিপিন্ধা মানে ‘যুগ্ম জীৱন’ অস্বীকাৰ কৰা
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
নিয়মীয়া বাৰ্তা, ৩০জুনঃ হিন্দু বিবাহৰ ৰীতি মতে প্ৰতিগৰাকী হিন্দু মহিলাই সেন্দুৰ লোৱাটো বাধ্যতামূলক। স্বামী দীৰ্ঘজীৱী হোৱাৰ বাবে হিন্দু সমাজত পৰম্পৰাগতভাৱে চলি আহিছে এই ৰীতি। কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে সকলো পৰিবৰ্তন হয়। একাংশ বিবাহিত মহিলাই বৰ্তমান বিবাহিতৰ পৰিচয়ৰ চিনস্বৰূপে সেন্দুৰ ল’বলৈ অস্বীকাৰ কৰে। আজিকালি প্ৰায় বিবাহিত মহিলাই সেন্দুৰ লোৱাটো পৰিলক্ষিত নহয়। যিটো মহিলাসকলৰ এটা অলংকাৰ।
এনে ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। হিন্দু বিবাহিত মহিলাই যদি শাখা অথবা সেন্দুৰ নিপিন্ধিলে ধৰি লোৱা হ’ব তেওঁ বৈবাহিক সম্পৰ্কত থাকিব নিবিচাৰে। তেওঁ যুগ্ম জীবন অস্বীকাৰ কৰিছে। এই ক্ষেত্ৰত স্বামীয়ে বিবাহ বিচ্ছেদৰ আৱেদন কৰিব পাৰিব।
মুখ্য় ন্যায়াধীশ অজয় লাম্বাৰ নেতৃত্বত বিচাৰপীঠৰ এই ৰায়দান। এই গুৰুত্বপূৰ্ণ ৰায়দানৰ পাছতেই এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।