অসম “CAA আন্দোলনৰ সময়ত মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল, CAA আন্দোলনলৈ আমাক মানসিক অত্যাচাৰ কৰি লৈ যোৱা হৈছিল”- বিদ্যাসাগৰ By নিয়মীয়া বাৰ্তা On Aug 18, 2020 Share নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ “ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হিচাপে মই আজি কৈছোঁ ‘কা’ এ কেতিয়াও অসমীয়া জাতিৰ ক্ষতি নকৰে ।”– আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত গেৰুৱা বসন পিন্ধি এই মন্তব্য কণ্ঠশিল্পী বিদ্যাসাগৰৰ । সংবাদ মাধ্যমক সম্বোধন কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়- “যতীন বৰা আৰু মোৰ মাজত কোনো ব্যতিক্ৰম নাই । যতীন দাৰো আবেগ মোৰো আবেগ । ‘কা’ আন্দোলনৰ মই নেতৃত্ব দিয়া নাছিলোঁ, CAA আন্দোলনলৈ আমাক মানসিক অত্যাচাৰ কৰি লৈ যোৱা হৈছিল । কাৰণ মোৰ স্থিতি একেই আছিল । মোৰ ঘৰৰ তলত আজিও টায়াৰ জ্বলোৱাৰ চিন আছে । মোক হেচা প্ৰয়োগ কৰা হৈছিল ।” আনহাতে পৰৱৰ্তী নিৰ্বাচনত বিদ্যাসাগৰে কোনো সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি বুলি কৰা এক প্ৰশ্নত তেওঁ জনায় যে কণ্ঠশিল্পীগৰাকীয়ে বিজেপিৰ বেয়া দিনত ২০০৯ চনতে বিজেপি দলত যোগদান কৰিছিল । লগতে তেতিয়াৰ পৰা নিৰৱচিন্নভাৱে তেওঁ বিজেপিতে আছে । কোনো প্ৰাৰ্থিত্ব বিচাৰি বিজেপিত যোগদান কৰা নাই বুলিও তেওঁ স্পষ্ট কৰে । আনহাতে কা আন্দোলনৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যিসকলে কা আন্দোলনৰ নেতৃত্ব দিছিল, তেওঁলোক এতিয়া লক্ষ্যৰ পৰা বিচলিত হৈছে । কা’ আন্দোলনৰ যি মুখ্য উদ্দেশ্য আছিল, সেই উদ্দেশ্য বৰ্তমান পিচ পৰি ৰৈছে । উল্লেখ্য যে মঙলবাৰে আয়োজন হোৱা এই অনুষ্ঠানতে সাংস্কৃতিক, ক্ৰীড়া, শিক্ষা আৰু শিল্পী সমাজৰ পৰা অভিনেত্ৰী আশা বৰদলৈ, আছুৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক তপন দাস, শিক্ষাবিদ প্ৰভা চৌধাৰী দস্তিদাৰ আৰু কণ্ঠশিল্পী বিদ্যাসাগৰকে ধৰি বহুজনে আনুষ্ঠানিক ভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে৷ Featured Share