নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অচিৰেই মুকলি হ’ব শিক্ষকৰ ছিংগল টেন্সফাৰ প্রক্রিয়া; গৃহ জিলালৈ আহিব পাৰিব দূৰণিৰ শিক্ষকসকল

অব্যাহত থাকিব শিক্ষকৰ প্রমাণ–পত্রৰ পৰীক্ষাৰ প্রক্রিয়া, এইবাৰ পুনৰীক্ষণ চলিব টেট উত্তীর্ণ প্রমাণ–পত্রৰ

নিয়মীয়া বাৰ্তা, ২৪ জুলাই:   ৰাজ্যৰ শিক্ষকসকলৰ বাবে সুখবৰ৷ অচিৰেই নিজ গৃহ জিলালৈ বদলী হৈ আহিব পাৰিব দূৰণিবটীয়া ঠাইত নিযুক্ত শিক্ষকসকল৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰা অনুসৰি অতি সোনকালে বিভাগে ছিংগল ট্রেন্সফাৰৰ প্রক্রিয়া আৰম্ভ কৰিব৷ উল্লেখ্য যে শিক্ষকসকলৰ বাবে মিউচুৱেল বদলীকৰণৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে মুকলি কৰিছে এক বিশেষ প’র্টেলৰ৷ এই প’র্টেলৰ জৰিয়তে আবেদন কৰা শিক্ষকসকলৰ বদলীকৰণ প্রক্রিয়া কালিৰে পৰা আৰম্ভ হৈছে৷ মিউচুৱেল বদলীকৰণক লৈ চলি থকা প্রক্রিয়াৰ মাজতে একাংশ শিক্ষকে ছিংগল ট্রেন্সফাৰ বিচাৰি শেহতীয়াকৈ শিক্ষা বিভাগত কৰা আবেদনক লৈ সৃষ্টি হৈছে যথেষ্ট খেলিমেলি৷ এনে দিশটোৰ প্রতি লক্ষ্য ৰাখি বিভাগে এজন শিক্ষকক বদলীকৰণৰ বাবে এলানি নতুন নিয়ম–নির্দেশনা প্রস্তুত কৰি তুলিছে৷

এই সন্দর্ভত পাঠশালাত সংবাদ মাধ্যমৰ আগত সবিশেষ ব্যাখ্যা কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে কম দিনৰ ভিতৰতে ছিংগল ট্রেন্সফাৰ প্রক্রিয়া আৰম্ভ হ’ব৷ সেই অনুসৰি যিসকলে দহ বছৰৰ অধিক সময় নির্দিষ্ট এখন জিলাত আছে, তেওঁ এই বদলীৰ বাবে আবেদন কৰিব পাৰিব৷ একেদৰে কোনো দিব্যাংগ শিক্ষকে যদি দুবছৰ এখন জিলাত কর্মৰত হৈ আছে, সেইসকলেও এই বদলীৰ বাবে আবেদন কৰিব পাৰিব৷ সমান্তৰালভাৱে জটিল ৰোগত আক্রান্ত, পিতৃ–মাতৃক চোৱাচিতা কৰাৰ বাবে, মহিলা শিক্ষকসকলে সন্মুখীন হোৱা বিশেষ অসুবিধা আৰু স্বামী–স্ত্রী একেলগে থাকিব বিচৰা শিক্ষকসকল এই ছিংগল ট্রেন্সফাৰৰ বাবে আবেদন কৰিব পাৰিব৷ তেওঁ ইয়াকো স্পষ্ট কৰে যে বিভাগে অচিৰেই শিক্ষকসকল ৰেচনেলাইজেচন কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ ইয়াৰ জৰিয়তে যিবোৰ বিদ্যালয়ত শিক্ষকৰ সংখ্যা কম, সেই বিদ্যালয়লৈ শিক্ষকক বদলীকৰণৰ জৰিয়তে অনা হ’ব৷ আনহাতে, যিবোৰ বিদ্যালয়ত অতিৰিক্ত শিক্ষক আছে তেওঁলোকক অন্য বিদ্যালয়লৈ বদলী কৰা হ’ব৷ এইক্ষেত্রত বিভাগে যথেষ্ট শিথিলতা গ্রহণ কৰিছে৷ মুখ্যতঃ বদলী কৰি আনিব বিচৰা শিক্ষকসকলক নিজৰ গৃহ জিলা অথবা ওচৰৰ জিলাত নিযুক্তি দিয়াৰ বাবেও চিন্তা–চর্চা কৰা হৈছে৷ মুখ্যতঃ শিক্ষকসকলৰ কামসমূহ সুস্থিৰ তথা নিয়াৰিকৈ হোৱাৰ স্বার্থত শিক্ষকসকলক সুবিধাজনক স্থানত বদলী কৰাৰ বাবে বিভাগে এইবাৰ পদক্ষেপ গ্রহণ কৰিব৷ এইক্ষেত্রত বিভাগক কিছু সময়ৰ প্রয়োজন হ’ব৷ যাৰ বাবে শিক্ষকসকলে কিছুদিন অপেক্ষা কৰিব লাগিব৷ ইফালে মিউচুৱেল বদলীকৰণৰ ক্ষেত্রত শিক্ষামন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই বদলীকৰণৰ কেটেগৰী (শ্রেণী) একেই হ’ব লাগিব৷ অর্থাৎ এজন হাইস্কুলৰ শিক্ষকে প্রাথমিক বিদ্যালয়ৰ শিক্ষক এজনৰ সৈতে মিউচুৱেল বদলীকৰণৰ বাবে আবেদন কৰিব নোৱাৰিব৷

একেদৰে সর্বশিক্ষাৰ শিক্ষক এজনে ষ্টেটপুলৰ শিক্ষকৰ সৈতে মিউচুৱেল বদলীকৰণৰ আবেদন কৰিব নোৱাৰিব৷ এইক্ষেত্রত শেহতীয়াকৈ কিছু সমস্যাই দেখা দিয়া বুলি জানিবলৈ দি শিক্ষামন্ত্রী পেগুৱে কয় যে একাংশ শিক্ষকে মিউচুৱেল বদলীকৰণৰ বাবে যিগৰাকী শিক্ষকক নির্দিষ্ট কৰিছিল, সেইগৰাকী শিক্ষকে নতুন চাকৰিত যোগদান কৰাৰ ফলত সমস্যাই দেখা দিছে৷ শিক্ষা বিভাগে ইতিমধ্যে এনে মিউচুৱেল বদলীকৰণৰ বাবে দিয়া নির্দেশ এতিয়া কার্যকৰী নহ’ব৷ দুজন শিক্ষকৰ এজনে আন পদত যোগদান কৰিলে তেওঁৰ সৈতে মিউচুৱেল বদলীকৰণত থকা আনজন শিক্ষক ছিংগল শিক্ষক হিচাপে পৰিগণিত হ’ব৷ এই শিক্ষকসকলে মিউচুৱেল বদলীকৰণৰ পৰিৱর্তে চৰকাৰে গ্রহণ কৰিব লগা ছিংগল ট্রেন্সফাৰতহে আবেদন কৰিব পাৰিব৷ শিক্ষামন্ত্রীগৰাকীয়ে শিক্ষকৰ প্রমাণ–পত্র তথা পি এইচ ডি ডিগ্রীৰ প্রমাণ–পত্র পৰীক্ষা কৰা সন্দর্ভতো বিভাগৰ স্থিতি স্পষ্ট কৰি কয় যে এনে ধৰণৰ পৰীক্ষণ বিভাগে আগলৈও চলাই নিব৷ প্রতিগৰাকী শিক্ষকে তেওঁলোকৰ শিক্ষাগত অর্হতাৰ প্রমাণ–পত্র পৰীক্ষাৰ বাবে স্ক্রীনিং কমিটীত হাজিৰ হ’ব লাগিব৷ অচিৰেই বিভাগে টেট উত্তীর্ণসকলৰ প্রমাণ–পত্র পৰীক্ষা কৰিব৷ আনহাতে, তেওঁ শিক্ষা বিভাগত নতুন নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব আজি জানিবলৈ দিয়ে৷ তেওঁ কয় যে বিভাগত অৱসৰ লোৱা লোকসকলৰ বিপৰীতে খালী হৈ থকা পদসমূহ আৰু নতুনকৈ নিযুক্তি লাভ কৰি এৰি থৈ যোৱা পদসমূহ পূৰণৰ বাবে অতি সোনকালে বিভাগে এক নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব৷

You might also like