নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত পুনৰ দুজন ক’ভিড ১৯ আক্ৰান্ত চিনাক্ত বৃদ্ধি পালে চাৰিজনলৈ

৯৫গৰাকী কোৱাণ্টেইনত

নিয়মীয়া বাৰ্তা ৫ জুনঃ ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোৱাৰেণ্টাইন কক্ষত থকা দুজনলোক ক’ভিড আক্ৰান্ত হিচাপে মাত্ৰ এদিন পূৰ্বে চিনাক্ত হোৱাৰ পিছত পুনৰ যোৱা নিশাৰ ভাগত ছিপাঝাৰ বি এড কলেজত কোৱাৰেন্টাইনত থকা আন দুজনলোকৰ শৰীৰতো ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে। ইতিমধ্যে দুয়োজন লোককে নিশাৰ ভাগতে মঙলদৈ অসামৰিক চিকিৎলায়ত ভৰ্তি কৰোৱা হয়। ইয়াকে লৈ ছিপাঝাৰত ক’ভিড ১৯ আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে। লক্ষণীয় যে, নতুনকৈ চিনাক্ত হোৱা দুয়োজনলোকেই যোৱা ২৭ মে’ত চেন্নাইৰ পৰা আহিছিল আৰু তেওঁলোক ছিপাঝাৰ বি এড কলেজৰ আছুতীয়া কক্ষত আছিল।নতুনকৈ ক’ভিড-১৯ আক্ৰান্ত লোক দুগৰাকী হ’ল পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত হিৰাপাৰা গোমঠাৰ দয়াৰাম দাস আৰু নামখলাৰ আঠিয়াবাৰীৰ ৰূপম বৰ্মন। আনহাতে, ৩ জুনত ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিনাক্ত হোৱা লোকদুজন আছিল খাৰুপেতীয়া লালপুল নদীকাষৰ আমিন আলি(২০) আৰু ফোৰচেদ আলম(২২)। প্ৰকাশ যে, এইদুজন লোককো সেইদিনাই মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান ছিপাঝাৰ বি এড কলেজত বিভিন্ন ৰাজ্যৰ পৰা অহা ১৬ জনলোক কোৱাৰেণ্টাইন হৈ থকাৰ ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আছুতীয়া কক্ষত ৫ জন ,ছিপাঝাৰ মহাবিদ্যালয় হোষ্টেলত ৪৫ গৰাকী লোক কোৱাণ্টেইনত থকাৰ লগতে পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ দুনী আদৰ্শ চিকিৎসালয়ত ৯গৰাকী, পাথৰিঘাট উচ্চতৰ মাধ্যমিকত ১৪গৰাকী, পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৬গৰাকী লোক কোৱাৰেণ্টাইন আছে।

You might also like