নিয়মীয়া বাৰ্তা৩১জুলাইঃমহামাৰীৰ কৰোণাৰ আতংকৰ মাজতো অবাধে চলি আছে নিচাযুক্ত সামগ্ৰীৰ বেহা।ছিপাঝাৰত আজি আৰক্ষীৰ জালত তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছতেই পোহৰলৈ আহিছে লকডাউনৰ কঠোৰ নীতি নিয়মৰ মাজতো কেনেকৈ একাংশই ৰাষ্ট্ৰীয় ঘাইপথেদিয়েই নিৰ্বিঘ্নে চলাই আছে অবৈধ বেহা।দৰঙৰ দুমুনীচকীত আজি বিয়লি মাৰাত্মক ব্ৰাউনছুগাৰ সহ তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
এ এচ ০১/এ এইচ ৫৮৩৯নম্বৰৰ এখন ইয়ন গাড়ীৰে নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰোতেই জব্দ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে্ প্ৰকাশ কৰা মতে ধৃত তিনিগৰাকী হল ক্ৰমে ৰাহুল আহমেদ ৰূপক ডেকা ৰাহুল আলি। গুৱাহাটীৰ ফালৰ পৰা আহি দৰঙত প্ৰবেশ কৰোতেই ড্ৰাগছ সৰবৰাহকাৰী তিনিটা জালত পৰে।ইফালে জব্দ কৰা ব্ৰাউনছুগাৰ খিনিৰ মূল্য কেইবাহাজাৰ টকা হব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে যদিও লোক তিনিজনে কৰপৰা কলৈ নিষিদ্ধ দ্ৰব্য খিনি সৰবৰাহ কৰিছিল সেয়া পোহৰলৈ অহা নাই।সম্প্ৰতি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।