নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰৰ ননৈৰ ভগ্ন মথাউৰিত অস্থায়ী বান্ধঃ বান পৰিস্থিতিৰে মোকাবিলাৰ চেষ্টা জলসম্পদ বিভিগৰ

 নিয়মীয়া বাৰ্তা ২৮ জুলাইঃ  ননৈৰ বাঢ়নী পানীয়ে নৈখনৰ পূব দিশৰ মথাউৰিটোৰ ছিগা অংশত অস্হায়ী বান্ধ নিৰ্মাণ কৰি নৈখনৰ বাঢ়নী পানীক ভেটা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে দৰঙৰ জলসম্পদ বিভাগে। বিশেষকৈ ননৈত পানীৰ পৰিমাণ কমি যোৱাৰ লগে লগে হ্ৰস্বকালীন ভাবে বান্ধটি নিৰ্মানৰ ব্যৱস্থা কৰিছে।অৱশ্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দৰং জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি ননৈ আৰু শাকতোলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়াৰ পিছত ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শ‌ইকীয়াইও ক্ষিপ্ৰতাৰে কন্ধটি নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে।আনকি বিধায়কগৰাকীযে নিজে উপস্থিত হৈ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰি অন্তত শালিধানৰ খেতিখিনি যাতে নৈপৰীয়া ৰাইজে কিবাকৈ সম্পন্ন কৰিব পাৰে সেইটোত গুৰুত্ব দিছে। লক্ষণীয় যে মথাউৰি ছিগি কৃষিভুমি তচনচ কৰাৰ পাছত আকৌ বান অহাৰ পূৰ্বে বান্ধটি নিৰ্মাণ সম্পূৰ্ণ কৰি যাতে কৃষকে ধানৰ খেতিডৰা কিবাকৈ সম্পন্ন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়েই এই অস্হায়ী বান্ধ নিৰ্মাণৰ আচনি গ্ৰহণ কৰিছে।বিধায়ক শ‌ইকীয়াইও এইক্ষেত্ৰত বিভাগে সকলোধৰণৰ তৎপৰতা গ্ৰহণৰ ক্ষেত্ৰত নিজাববীয়াকৈয়ো দিছে গুৰুত্ব। উল্লেখযোগ্য যে বিগত ১২জুলাইত ননৈৰ বাঢ়নী পানীয়ে পাথৰিঘাটৰ আলিখাপাৰাত মথাউৰি ছিগি এক প্ৰকাৰৰ প্ৰলয়ৰ সৃষ্টি কৰিছিল।বুৰাই পেলাইছিল কেইবাখনো গাও।পিছে মথাউৰি ছিগাৰ পিছত জলসম্পদ বিভাগে এনে তৎপৰতা দেখুওৱাইছে যদিও বছৰি কোটি কোটি টকাৰ আচনি ৰূপায়ণ হোৱাৰ পিছতো জলসম্পদ বিভাগে মথাউৰি সমুহ কিয় ৰক্ষা কৰিব নোৱাৰে সেয়াও বিচাৰ্য।আনকি বিগত বছৰতো ননৈৰ বাঢ়নী পানীয়ে নৈখনৰ দুয়ো পাৰৰ মথাউৰিয়েই ভাগিছিল দুঠাইত।পূব দিশৰ মথাউৰিটো পুণিয়াত আৰু পশ্চিম দিশৰ মথাউৰিটো ছেঙেলীয়াঝাৰত ছিগি নিছিল।ননৈৰ দূয়োপাৰৰ মথাউৰিৰ ছিগা অংশকে ধৰি দুয়োটা মথাউৰি নিৰ্মাণ-মেৰামতিৰ ববে চলিত বৰ্ষত ১৯কোটি ৭০লক্ষ ৭৭ হাজাৰ টকা আবণ্টন দিছিল যদিও এইবেলিও নৈখনৰ যথাউৰিক ৰক্ষা কৰিব নোৱাৰাটো মঙলদৈ জলসম্পদৰ চুড়ান্ত বিফলতা হিচাপেই প্ৰতিপন্ন হৈ পৰিছে।।

You might also like