নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বক্ৰপথেৰে এপিএছচিত চাকৰি লোৱা এডিচিপি সুকন্যাক গ্ৰেপ্তাৰ এছআইটিৰ

👉৫ দিনৰ আৰক্ষীৰ জিম্মালৈ সুকন্যা দাসক

👉মাৰাথন জেৰা নৱনীতা শর্মা-কল্যাণ কুমাৰ দাসক

👉৭ ডিচেম্বৰত দীপাংকৰ দত্ত লহকৰ, অসীমা কলিতা আৰু ফাৰুক আহমেদক তলব এছআইটিৰ

বিশেষ বাৰ্তা, ৪ ডিচেম্বৰঃ এপিএছচিত বক্ৰপথেৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এই কেলেংকাৰিৰ তদন্ত চলাই নিয়া বিশেষ অনুসন্ধানকাৰী দল (এছআইটি)–এ ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ৰাজপত্ৰিত বিষয়াক। আজি পুনৰ এগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰে এছ আই টিয়ে। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকী হল গুৱাহাটী ক্রাইম ব্রান্সৰ এডিচিপি সুকন্যা দাস৷ যোৱা ১ ডিচেম্বৰত জেৰাৰ বাবে তলব লাভ কৰা সুকন্যা দাসে ব্যক্তিগত কাৰণত এছআইটিৰ সন্মুখত হাজিৰ হোৱা নাছিল যদিও আজি চিআইডিৰ কার্যালয়ত এছআইটিৰ সন্মুখত হাজিৰ হৈ দীঘলীয়া জেৰাৰ সন্মুখীন হয়৷ এই জেৰাৰ অন্তত সুকন্যা দাসক গ্রেপ্তাৰ কৰে এছআইটিয়ে৷ পাছত আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত লয় অনুসন্ধানকাৰী দলটোৱে৷ উল্লেখ্য যে সুকন্যা দাসৰ লগতে আজি দীঘলীয়া জেৰাৰ সন্মুখীন হয় কোকৰাঝাৰৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শর্মা আৰু কাছাৰৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ দাস৷ উল্লেখ্য যে গ্রেপ্তাৰ হোৱা সুকন্যা দাসৰ বিৰুদ্ধে এছআইটিয়ে লাভ কৰিছে একাধিক অভিযোগ৷ ধনৰ বিনিময়ত এপিএছচি পৰীক্ষাত উত্তীর্ণ হোৱা সুকন্যা দাসক আৰক্ষী বিষয়া হোৱাত সহায় কৰিছিল এপিএছচিৰ কলংকিত অধ্যক্ষ ৰাকেশ পালে৷ বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগৰ প্রতিবেদনত স্পষ্ট হৈছিল কিদৰে সুকন্যা দাসক অতিৰিক্ত দুখনকৈ বহী প্রদান কৰি বৃদ্ধি কৰা হৈছিল নম্বৰ৷ এপিএছচিৰ মূল পৰীক্ষাত ছখন বহীৰ বিপৰীতে সুকন্যা দাসৰ ৮খন বহী উদ্ধাৰ হৈছিল৷ অর্থাৎ দুখন বহী আছিল সম্পূর্ণ ভুৱা৷ সেয়াই নহয়, আন কেইবাটাও বিষয়তো টেবুলচন শ্বিটত সুকন্যা দাসৰ নম্বৰ বৃদ্ধি কৰা হৈছিল৷ ইফালে নৱনীতা শর্মাকো আজি আৰক্ষীয়ে দীঘলীয়া সময় জেৰা চলায়৷ এইগরাকী ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধেও অতিৰিক্ত নম্বৰ লাভ কৰাৰ অভিযোগ স্পষ্টকৈ উল্লেখ কৰা হৈছে বিপ্লৱ কুমাৰ শর্মা ন্যায়িক আয়োগৰ প্রতিবেদনত৷ নৱনীতা শর্মাই এপিএছচিৰ মূল পৰীক্ষাত মুঠ নম্বৰ লাভ কৰিছিল ৭৮২৷ পৰৱর্তী সময়ত তেওঁৰ নম্বৰ ৮৩২লৈ বৃদ্ধি কৰা হৈছিল৷ টেবুলেচন শ্বিটৰ এফএছএল ৰিপ’টত স্পষ্ট হৈছিল এনে ভয়ংকৰ বিসংগতি৷ অভিযোগ অনুসৰি নৱনীতাৰ মুঠ নম্বৰ নিজ হাতেৰে বৃদ্ধি কৰিছিল ৰাকেশ পালে৷ ফৰেনছিক ৰিপ’টত ৰাকেশ পালৰ হস্তলিপিৰ হুবহু নমুনা লাভ কৰা হৈছিল৷ ইফালে নিলম্বিত এপিএছ কল্যাণ কুমাৰ দাসৰ ক্ষেত্রতো বৃদ্ধি কৰা হৈছে নম্বৰ৷ কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে দায়িত্ব চম্ভালি থকাৰ পাছত শেহতীয়াকৈ নিলম্বিত হোৱা কল্যাণ কুমাৰ দাসে এপিএছচিৰ মূল পৰীক্ষাত নম্বৰ পাইছিল ৫৮৬৷ টেবুলেচন শ্বিটত ২৭০ নম্বৰ বঢ়াই দিয়া হৈছিল তেওঁক৷ পশু চিকিৎসক হিচাপে কর্মৰত থকা কল্যাণ কুমাৰ দাসে আৰক্ষী বিষয়া হ’বলৈ মন মেলি ৰাকেশ পাল বাহিনীৰ হাতত তুলি দিছিল প্রচুৰ পৰিমাণৰ ধন৷ যাৰ বাবে ২৭০ নম্বৰ বঢ়াই কল্যাণ কুমাৰ দাসক মূল পৰীক্ষাত উত্তীর্ণ কৰোৱা হৈছিল৷ ইতিমধ্যে এছআইটিয়ে ১১জনকৈ বিষয়াক পৃথকে পৃথকে তলব কৰি জেৰা আৰম্ভ কৰিছে৷ সেই অনুসৰি অহা ৭ ডিচেম্বৰত এছআইটিৰ সন্মুখত হাজিৰ হ’ব লাগিব আন তিনিজনকৈ ৰাজপত্রিত বিষয়া৷ ইয়াৰে ভিতৰত আছে সদ্য নিলম্বিত এপিএছ বিষয়া দীপাংকৰ দত্ত লহকৰ, অসীমা কলিতা আৰু ফাৰুক আহমেদ৷

#বাৰ্তা ডেস্ক

You might also like