ঘূর্ণি বতাহ চিত্রাঙে ভয়াৱহ ৰূপ ল’ব বংগ–ওড়িশা আৰু উত্তৰ–পূবৰ ৰাজ্যত; অসমত প্রবল বৰষুণৰ সম্ভাৱনা
- অসমকে ধৰি কেইবাখনো ৰাজ্যৰ প্রান্তে প্রান্তে প্রবল বৰষুণ–বজ্রপাতৰ সম্ভাৱনা
- অসম–মেঘালয়–ত্রিপু ৰেড এলার্ট
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: বংগোপ সাগৰত সৃষ্ট ঘূর্ণি বতাহ চিত্রাঙে দেশৰ কেইবাখনো ৰাজ্যত উৎসৱৰ বতৰত ভয়াৱহ বিঘিনি ঘটাব৷ বাংলাদেশৰ পৰা তীব্রতৰ হৈ উঠা এই ঘূর্ণি বতাহ চিত্রাঙে পশ্চিমবংগৰ লগতে উপকূলীয় অঞ্চলৰ উপৰি উত্তৰ–পূবৰ ৰাজ্যকেইখনত প্রভাৱ পেলাব৷ ইতিমধ্যে পশ্চিমবংগত এই ঘূর্ণি বতাহৰ প্রভাৱ আৰম্ভ হৈছে৷ বংগৰ সাগৰদ্বীপৰ দক্ষিণে ৫২০ কিলোমিটাৰ নিলগত এই ঘূর্ণি বতাহৰ প্রাদুর্ভাৱ আৰম্ভ হৈ ৰাজ্যখনৰ কেইবাখনো জিলাত আঘাত কৰিব৷ ৰাজ্যত প্রবল বৰষুণৰ উপৰি বজ্রপাত, বতাহে বিস্তৰ ক্ষতি কৰিব৷ ইতিমধ্যে কলকাতাৰ সমীপৱর্তী অঞ্চলত ঘূর্ণি বতাহে কালীপূজাৰ মণ্ডপৰ ক্ষতি কৰিছে৷ বংগ আৰু উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যত ঘূর্ণি বতাহৰ ক্ষতিৰ প্রতি লক্ষ্য ৰাখি এন ডি আৰ এফকে ধৰি উদ্ধাৰকাৰী দল সাজু কৰি ৰখা হৈছে৷
আনহাতে, উত্তৰ–পূবৰ ৰাজ্যকেইখনতো এই ঘূর্ণি বতাহৰ প্রভাৱ পৰিব৷ বংগৰ উপকূলীয় জিলাত আজিৰে পৰা এই ঘূর্ণি বতাহৰ প্রভাৱ আৰম্ভ হৈ কাইলৈ তীব্রতৰ হৈ উঠিব৷ দক্ষিণ আৰু পূব ২৪ পৰগনা জিলা, পূব মেদিনীপুৰত এই ঘূর্ণি বতাহৰ ফলত সৃষ্ট প্রবল বৰষুণে বিস্তৰ ক্ষতি কৰাৰ সম্ভাৱনা আছে৷ দক্ষিণ ২৪ পৰগনাৰ নদীৰ দাঁতিত ইতিমধ্যে অসামৰিক বিভাগৰ জৰুৰীকালীন সেৱাৰ কর্মচাৰীসকলক নিয়োগ কৰা হৈছে আৰু এই অঞ্চলৰ লোক একাংশক অন্য স্থানলৈ সুৰক্ষাৰ বাবে নিয়া হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসমকে ধৰি মেঘালয়, ত্রিপুৰা, নাগালেণ্ড, অৰুণাচল, মণিপুৰ আদিত ঘূর্ণি বতাহৰ প্রভাৱ পৰিব বুলি আগজাননী দিয়াৰ পাছতেই কর্তৃপক্ষই মোকাবিলা কৰাৰ বাবে প্রস্তুতি চলাইছে৷ অসমকে ধৰি কেইবাখনো ৰাজ্যত ঘূর্ণি বতাহৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ৰেড এলার্ট জাৰি কৰা হৈছে৷ ত্রিপুৰা, মেঘালয়, অসমত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্রদেশত অৰেঞ্জ এলার্ট জাৰি কৰিছে৷
বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে ত্রিপুৰা আৰু মিজোৰামত প্রতি ঘণ্টাত ৬০ কিলোমিটাৰ বেগত এই বতাহ অতিক্রম কৰিব৷ ত্রিপুৰা চৰকাৰে অহা ২৬ অক্টোবৰলৈকে ৰাজ্যখনৰ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে জৰুৰীকালীন সেৱাৰ বাহিৰে আন চৰকাৰী কর্মচাৰী ঘৰৰ পৰাই কাম কৰাৰ নির্দেশ দিছে৷ গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা মতে অসমৰ দক্ষিণ প্রান্ত, মেঘালয়ৰ পূব প্রান্ত আৰু মণিপুৰত কাইলৈ ঘণ্টাত ৫৫ কিলোমিটাৰৰ পৰা ৬৫ কিলোমিটাৰলৈ বতাহ বলাৰ সম্ভাৱনা আছে৷