নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ডিং খেলপথাৰ ৰক্ষাৰ দাবীত শিৱসাগৰত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ প্ৰজন্মৰ পিছত প্ৰজন্ম নতুন খেলুৱৈ সৃষ্টি কৰি অহা ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰ ৰক্ষাৰ বাবে আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক বৃহত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। উত্তৰ পুবৰ গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি শিৱসাগৰৰ ক্ৰীড়া জগতৰ সৈতে জড়িত পুৰোধা ব্যক্তি,বহু সংখ্যক খেলুৱৈৱে এই এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উল্লেখ কৰাৰ প্ৰয়োজন যে শিৱসাগৰ নগৰত খেলৰ অনুশীলনৰ বাবে এনেও খেলপথাৰৰ অভাৱ। শিৱসাগৰ ক্ৰীড়া সন্থাৰ পিয়লি ফুকন ষ্টেডিয়াম আজি বছৰ বছৰ ধৰি মেৰামতিৰ আওতাত আছে।সেইদৰে দৰবাৰ খেলপথাৰ নলা-নৰ্দমাৰ সমস্যাৰ বাবে বৰ্তমান পানীৰে ভৰি থাকে। এই খেলপথাৰখনো বৰ্তমান মেৰামতিৰ তাগিদাত আছে। ইয়াৰ বাহিৰে খেলৰ অনুশীলনৰ বাবে থকা একমাত্ৰ খেলপথাৰ হৈছে বৰ্ডিং খেলপথাৰ। কিন্তু বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বাবে খেলপথাৰখনৰ অৱস্থা শোচনীয় হৈ পৰিছে। যাৰ বাবে আজি অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক ক্ৰীড়া অনুৰাগীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বৰ্ডিং খেলপথাৰৰ মূল অংশত কোনো চৰকাৰী-বেচৰকাৰী-ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত নকৰি খেলপথাৰখন ৰক্ষা কৰাৰ আহবান জনায় শিৱসাগৰ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।খেলপথাৰ ৰক্ষা অভিযানত অংশ লৈ অসমৰ প্ৰথম গৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয় যে খেলপথাৰে হৈছে খেলুৱৈৰ আধাৰ।এজন খেলুৱৈ গঢ় দিয়াৰ প্ৰাথমিক স্বৰ্ত এখন ভাল খেলপথাৰ৷ শিৱসাগৰত এনে খেল পথাৰৰ অভাৱ। ইয়াৰ মাজতে বৰ্ডিং খেলপথাৰত খেলুৱৈক প্ৰাধান্য নিদি বিভিন্ন অনুষ্ঠান খেলপথাৰৰ মাজত পাতি খেলৰ অনোপযোগী কৰি তুলিছে। এইয়া সমৰ্থন যোগ্য কথা নহয়। মূল খেলপথাৰখনত এনেবোৰ অনুষ্ঠানৰ অনুমতি প্ৰদান কৰিব নালাগে। শিৱসাগৰ জিলা প্ৰশাসনো এই দিশত সতৰ্ক আৰু সচেতন হোৱা উচিত। লগতে শিৱসাগৰৰ বিধায়কক এই দিশত গুৰুত্ব প্ৰদান কৰিবলৈ অৰ্জুন গৰাকীয়ে আহবান জনায়। বিষয় সন্দৰ্ভত শিৱসাগৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ ভাগৱতীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে খেলপথাৰৰ মাজত অনুষ্ঠান অনুষ্ঠিত কৰিবৰ বাবে খন্দা গাঁতবোৰ কেৱল খেলুৱৈৰ ভৱিষ্যত কবৰ দিবলৈ খন্দা হৈছে। এইবোৰ বন্ধ হোৱা উচিত।বিশিষ্ট ক্ৰীড়া সংগঠক জয়ন্ত ৰাজকোঁৱৰে বহু প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিয়া বৰ্ডিং খেলপথাৰৰ বৰ্তমানৰ অৱস্থাত দুখ প্ৰকাশ কৰি অনতিপলমে মূল খেলপথাৰত যিকোনো কাৰ্যসূচী অনুষ্ঠিত নকৰিবলৈ দাবী জনায়। তেওঁ কয় এই খেলপথাৰ কেৱল খেলুৱৈৰ স্বাৰ্থত সংৰক্ষিত হ’ব লাগে।একালৰ সুদক্ষ বেডমিণ্টন খেলুৱৈ পৱিত্ৰ বৰঠাকুৰে খেলপথাৰখনৰ এনে দুৰৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি খেলপথাৰত খেলুৱৈৰ অনুশীলনৰ বাদে কোনো বিষয়ে স্থান পোৱা উচিত নহয় বুলি তাৎপৰ্য্যপুৰ্ণ মন্তব্য কৰে।অসমীয়া যুৱ মহিলা মঞ্চৰ নেত্ৰী পাপৰী বৰুৱা ফুকনে খেলপথাৰবোৰ ৰক্ষা কৰা আমাৰ দায়িত্ব আৰু ইয়াক আমি নিষ্ঠাৰে পালন কৰিম৷ আহোম সেনাৰ শিৱসাগৰ জিলাৰ সম্পাদক অঞ্জন গগৈয়ে যিকোনো মূল্যৰ বিনিময়ত শিৱসাগৰ নগৰৰ হৃৎপিণ্ড বৰ্ডিং খেলপথাৰখন ৰাজহুৱা অনুষ্ঠানৰ পৰা ৰক্ষা কৰা জৰুৰী বুলি মতপোষণ কৰে।বিশিষ্ট ক্ৰীড়া সংগঠক বাবুল খান,হৰেন দুৱৰা,ক্ৰীড়া সন্থাৰ সভাপতি পোনাৰাম মিলি, ৰনজিত দত্ত, অনিল সন্দিকৈ, মৃণাল চুতীয়া, নৱজ্যোতি শইকীয়া, নৱজ্যোতি চাংমাই, টুটু ফুকন, মমী গগৈ, আচফিয়া উল্লা, মুস্তাকুৰ ৰহমান, অচিন্ত্য বৰঠাকুৰ আদিয়ে খেলপথাৰখন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা ৰক্ষা কৰাৰ পোষকতা কৰে। আনহাতে আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক সমীৰণ ফুকন, সদৌ জিলা ছাত্র সন্থাৰ সম্পাদক দীপাংকৰ শইকীয়া, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈ, ৰীদিপ ডেকা, সদৌ তাই আহোম ছাত্র সন্থাৰ যুটীয়া সম্পাদক ভাস্কৰ বৰগোঁহাই, জিলা সভাপতি পাৰ্থ গগৈ, অগ্ৰিম বৰগোঁহাই, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্যকৰী সভাপতি এম.আই.বড়া, ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সম্পাদক জিতু জ্যোতি গায়ন, ব্ৰাজিল চুতীয়া আদিকে কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বৰ্ডিং খেলপথাৰখন ৰক্ষা কৰি শিৱসাগৰত এক উপযুক্ত খেলৰ পৰিৱেশ তৈয়াৰ কৰাৰ পোষকতা কৰে। আজিৰ ধৰ্মঘট কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ চুনী বৰুৱা গগৈ,ক্ৰীড়া অনুষ্ঠান লক্ষ্য, গ্ৰীফন, হকী, ফুটবল, ভলিবল আদিকে কৰি বিভিন্ন ক্ৰীড়া সংঘৰ খেলুৱৈ-সংগঠকে অংশগ্ৰহণ কৰে ৷আনহাতে শিৱসাগৰ ক্ৰীড়ানুৰাগীৰ উদ্যোগত বৰ্ডিং খেলপথাৰ ৰক্ষাৰ এই অভিযানক একাংশ দুষ্টলোকে আগন্তুক দিনত অনুষ্ঠিত হ’বলগীয়া পালনাম ভাগিৰ বিৰোধী চলোৱা হস্তীয়া অপ্ৰচাৰত গভীৰ দুখ প্ৰকাশ কৰিছে পাল নাম আয়োজক সমিতিয়ে ৷ এই অপপ্ৰচাৰ স্বাৰ্থন্বেষী কোনো তৃতীয় শ্ৰেণীৰ দালাল জাতীয় মানুহৰ উশৃংখলতা আৰু অসহিষ্ণুতাৰ পৰিচয় বুলি ব্যক্ত কৰাৰ লগতে ভগৱানে তেওলোকক সুমতি দিয়াৰ বাবে প্ৰাৰ্থনা জনাই ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like