নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেটেকাৰ ৰি–চার্জেব্ল বাল্ব উদ্ভাৱন অভিজিতৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ শিৱসাগৰ নগৰৰ সমীপৰ মেটেকাঘাটৰ যুৱক অভিজিত দুৱৰাই ইতিমধ্যে ভালেসংখ্যক আকর্ষণীয় সামগ্রী নির্মাণ কৰি ডলিয়াইছে৷ প্রচুৰ উদ্ভাৱনী শক্তি থকা যুৱক অভিজিতে এইবাৰ লকডাডনৰ সময়ছোৱাত ঘৰতে প্রস্তুত কৰি উলিয়ালে ৰিচার্জেব্ল এল ই ডি বাল্ব৷ নাম দিলে খাঁটি অসমীয়া যেন লগা ‘জোনবাই’৷ এই বাল্বটো তিনি ঘণ্টা ধৰি সক্রিয় হৈ থাকে বুলি সংবাদ মাধ্যমৰ আগত জনায় অভিজিতে৷

জোন্বাই লাইটৰ যোগেদি অর্থনৈতিকভাৱেও স্বাৱলম্বী হ’ব পাৰ্বি বুলি তেওঁ জানিবলৈ দিছে৷ লকডাডনৰ সময়ছোৱাত ঘৰতে আবদ্ধ অভিজিতে নিজ মাতৃৰ দ্বাৰা ঘৰতে নতুনকৈ উদ্ভাৱন কৰা জোনবাই লাহটটো মুকলি কৰে৷

উল্লেখযোগ্য যে কিছুদিনৰ আগতে আই আই টি গুৱাহাটীৰ এটা সঁজাতী দলে যুৱকজনৰ এই যন্ত্র–পাতিসমূহৰ তথ্যপাতি সংগ্রহ কৰি বর্তমান যাৱতীয় আনুষ্ঠানিক বিষয়সমূহ চর্চাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে৷ আজিও আর্থিক দৈন্যৰ সৈতে নিৰন্তৰ সংগ্রাম কৰি থকা অভিজিত দুৱৰাক কোনো চৰকাৰী অনুদান, সাংসদ–বিধায়কৰ আর্থিক সাহায্যই ঢুকি পোৱা নাই৷ ঘৰুৱা শিক্ষকৰূপে ছাত্র–ছাত্রীক শিক্ষাদান কৰি পেট প্রৱর্তোৱাৰ লগতে মাতৃসহ পৰিয়ালটোক পোহপাল দ্বি লগা হৈছে অভিজিতে৷

You might also like