নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বর্গদেউসকলে সমন্বয়ৰ সমাজ গঢ়াত অৰিহণা যোগাই গৈছেঃ সোণোৱাল

মে–ডাম–মে–ফী শদিয়াত মুখ্যমন্ত্রী, শিৱসাগৰত বিত্তমন্ত্রী

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্রশাসনৰ সহযোগত চপাখোৱাৰ শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেওবাৰে আয়োজন কৰা কেন্দ্রীয় মে–ডাম–মে–ফী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্রী সোণোৱালে মে–ডাম–মে–ফীৰ আধ্যাত্মিক কার্যসূচীত অংশগ্রহণ কৰি পূর্বপুৰুষসকলক শ্রদ্ধা তর্পণ কৰে৷ এই উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে মে–ডাম–মে–ফীৰ তাৎপর্য মূল্যায়নেৰে পূর্বপুৰুষসকলৰ আদর্শৰে ৰাজ্যখনৰ সাতামপুৰুষীয়া সমন্বয় আৰু মিলা–প্রীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে সকলোকে আহ্বান জনায়৷ তেওঁ কয় যে ত্রয়োদশ শতিকাতে স্বর্গদেউ চাওলুং চুকাফাই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলি সৰু–বৰ সকলো জাতি–জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ যি বৃহত্তৰ অসমীয়া জাতিৰ ভেটি নির্মাণ কৰি গৈছে, সেই ভেটিয়ে আজি আমাক একবিংশ শতিকাত এটা শক্তিশালী জাতি হিচাপে বিশ্বৰ বুকুত থিয় দিয়াৰ বাবে শক্তি যোগাইছে৷ আহোমৰ ৪২গৰাকী স্বর্গদেউক শ্রদ্ধাৰে স্মৰণ কৰিলে বৃহত্তৰ অসমীয়া সমাজে ভৱিষ্যতেও শক্তি আৰু সামর্থ্য অটুট ৰাখিব পাৰিব৷ আহোম স্বর্গদেউসকলে উজনিৰ পৰা নামনিলৈ বহু মঠ–মন্দিৰ, দেৱালয় ইত্যাদি নির্মাণ কৰি উদাৰ দৃষ্টিভংগীৰে পাঁচ হাজাৰ বছৰীয়া আমাৰ সনাতন সভ্যতা–সংস্কৃতিৰ শক্তি বৃদ্ধি কৰাৰ লগতে আধ্যাত্মিকতাৰে পুষ্ট সমন্বয়ৰ সমাজ নির্মাণৰ বাবে যি অৰিহণা যোগাই গৈছে, তাৰ ফলত অসমীয়া জাতিয়ে বীৰদর্পে আজিৰ সন্ধিক্ষণত পদার্পণ কৰিবলৈ সক্ষম হৈছে৷ আজি আমি প্রদূষণমুক্ত অসম নির্মাণৰ কথা কৈছেছা৷ কিন্তু স্বর্গদেউসকলে অতীতৰ সেই সময়তে ডাঙৰ ডাঙৰ পুখুৰী খান্দি প্রদূষণমুক্ত পৰিৱেশ তথা প্রকৃতিৰ সন্তুলন অটুট ৰখাৰ দিশত পথ প্রদর্শন কৰি গৈছে বুলিও তেওঁ মন্তব্য কৰে৷ অতীতক কেতিয়াও পাহৰি যাব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে অতীতৰ ঐতিহ্যৰ পৰাই বর্তমানৰ নৱপ্রজন্মই চাওলুং চুকাফাৰ আদর্শৰে সমন্বয় আৰু ভাতৃত্ববোধৰ এখন ঐক্যবদ্ধ আৰু শক্তিশালী অসম নির্মাণ কৰিব লাগিব৷

স্বর্গদেউ চাওলুং চুকাফাই ত্রয়োদশ শতিকাতে অসমলৈ আহি সৰু–বৰ সকলো জাতি–জনগোষ্ঠীক এক কৰি যি শক্তিশালী অসম নির্মাণ কৰি গৈছে, সেই আদর্শৰে নৱপ্রজন্ময়ো বাট বুলিব লাগিব৷ ভাষণ প্রসংগত তেওঁ লগতে কয় যে বীৰ লাচিতৰ আদর্শৰে ডেকাশক্তিয়ে নিজৰ শক্তি, সামর্থ্য আৰু দক্ষতাপ্রদর্শন কৰি বিশ্বৰ বুকুত শক্তিশালীভাৱে থিয় দিব লাগিব৷ আজি আমি স্মার্ট পুলিচ, স্মার্ট ক্লাছ ইত্যাদিৰ কথা কওঁ যদিও বীৰ লাচিতে সেই সময়তে স্মার্ট যোদ্ধাৰ সকলোখিনি গুণেৰে শক্তিশালী মোগলক দক্ষতাৰে পৰাজিত কৰিছিল৷ ৰাজ্যখনৰ নৱপ্রজন্ময়ো লাচিতৰ এই দক্ষতা, যোগ্যতা, শক্তি, সামর্থ্যৰে উদ্বুদ্ধ হৈ আগবাঢ়িব লাগিব৷ মে–ডাম–মে–ফী এক সাধাৰণ ধর্মীয় উৎসৱ নহয় বুলি উল্লেখ কৰি তেওঁ এই উৎসৱ পালনৰ জৰিয়তে জীৱনৰ বাটত আগবঢ়াৰ বাবে সকলোৱে শক্তি পাব বুলি কয়৷ ২০১৬ চনত বর্তমানৰ ৰাজ্য চৰকাৰখনে শাসনভাৰ লৈয়ে ৰাজ্যখনৰ ৭০টা জাতি–জনগোষ্ঠীৰ অংশগ্রহণেৰে বিভিন্ন জাতি–জনগোষ্ঠীৰ মনত থকা কথাবোৰ মুকলিমূৰীয়াকৈ বুজিবলৈ যত্ন কৰিছিল বুলি উল্লেখ কৰি চুকাফাৰ সমন্বয়ৰ আদর্শৰে চৰকাৰখনে সৰু–বৰ সকলো জাতি–জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ সকলোৰে সর্বাংগীণ উত্তৰণৰ দিশত নিষ্ঠা সহকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰখনে আৰম্ভণিৰে পৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ মর্যাদা, সুৰক্ষা, কৃষ্টি–সংস্কৃতি সংৰক্ষণ আৰু সংবর্ধনৰ দিশত নিষ্ঠা সহকাৰে কর্তব্য পালন কৰি আছে৷ জনতা ভৱনৰ সন্মুখত স্বর্গদেউ চাওলুং চুকাফাৰ এটা প্রতিমূর্তি নির্মাণৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ ঘোষণা কৰে৷ লগতে ডিব্রুগড বিশ্ববিদ্যালয়ত চুকাফা আসন প্রৱর্তন কৰাৰ বাবেও পদক্ষেপ লোৱাৰ উপৰি চৰাইদেউত ৪২গৰাকী স্বর্গদেউৰ স্মৃতিক্ষেত্র নির্মাণৰ কাম আৰম্ভ কৰা হৈছে বুলিও তেওঁ কয়৷ ইয়াৰ লগতে শিৱসাগৰৰ ঐতিহ্য আৰু গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে পাঁচখন আইকনিক স্থানৰ অন্যতম এখন স্থান হিচাপে শিৱসাগৰক নির্বাচন কৰি পদক্ষেপ লৈছে বুলি তেওঁ কয়৷

ভাষণ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে আধ্যাত্মিক শক্তি প্রদান কৰা মে–ডাম–মে–ফী অনুষ্ঠানক আগন্তুক দিনত কুম্ভমেলাৰ দৰে মিলনৰ ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ বাবে সকলোৱে সন্মিলিত প্রচেষ্টা চলাব লাগিব বুলিও উল্লেখ কৰে৷ সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াৰ ঢ়লা–শদিয়া দলঙে বর্তমান চেহেৰা সলনি কৰি দিছে বুলি উল্লেখ কৰি তেওঁ ফ্রাচেং মুং বৰগোহঁাইৰ নামত শদিয়াত এখন সাংস্কৃতিক মহাবিদ্যালয় স্থাপন, বুঢ়াগোহাঁই সমন্বয় ক্ষেত্র নির্মাণ, ফ্রাচেং মুং বৰগোহঁাইৰ প্রতিমূর্তি স্থাপন, শদিয়াৰ প্রায় ২৫টাকৈ দেওঘৰৰ উন্নয়নৰ বাবে অসম দর্শন আঁচনিৰ অধীনত প্রতিখনলৈ ১০ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে যি অনুৰোধ কৰা হৈছে, সেই বিষয়সমূহ ৰাজ্য চৰকাৰে আন্তৰিকতাৰে বিচাৰ–বিবেচনা কৰি পদক্ষেপ ল’ব বুলিও কয়৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রী সোণোৱালে অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ এখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ উপৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত স্বদেশ অধ্যয়ন কুইজ প্রতিযোগিতাৰ শ্রেষ্ঠত্ব লাভ কৰা প্রতিযোগীসকলক মানপত্র আৰু আর্থিক পুৰস্কাৰৰ চেক প্রদান কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি শ্রম আৰু চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে চাওলুং চুকাফাক বীৰ শিৱাজী আৰু টিপু চুলতানৰ লেখীয়াকৈ সমগ্র বিশ্বতে শক্তিশালীভাৱে পৰিচয় কৰাই দিয়াৰ বাবে সকলোকে মিলিত প্রচেষ্টা চলাবলৈ আহ্বান জনায়৷

এই প্রসংগত তেওঁ কয় যে চাওলুং চুকাফাই ৬০০ বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলি যি সাংস্কৃতিক সমন্বয়ৰ ধাৰা সৃষ্টি কৰিছিল, তেনে ধাৰা বিশ্বৰ বুকুত বিৰল৷ অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই পূর্বজসকলৰ শৌর্য–বীর্য স্মৰণৰ এই উৎসৱে ৰাজ্যখনৰ একতা আৰু সমন্বয়ৰ বান্ধোন শক্তিশালী কৰিব বুলি কয়৷ কোনো অপশক্তিয়ে আগন্তুক সময়ত সমাজত যাতে বিভেদৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে সকলোকে সচেষ্ট হৈ থাকিবলৈ তেওঁ আহ্বান জনায়৷ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক যাদৱ শইকীয়াই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা উদ্যাপন সমিতিৰ সভাপতি বলীন চেতিয়া, বিশিষ্ট সমাজকর্মী পুলক গোহাই, প্রণাম আয়োগৰ আয়ুক্ত যুগবালা বুঢ়াগোহঁায়েও ভাষণ প্রদান কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্রিত পূর্বাঞ্চল তাই সাহিত্য সভাৰ অধ্যক্ষ ড০ দয়ানন্দ বুঢ়াগোহাঁইৰ এক লিখিত ভাষণো পূর্বাঞ্চল তাই সাহিত্য সভাৰ সম্পাদক পুষ্প শইকীয়াই পাঠ কৰি শুনায়৷ অনুষ্ঠানত সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, মার্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শর্মা, চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দিপুৰঞ্জন মাক্রাৰী, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণ, অসম গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, তিনিচুকীয়া জিলাৰ উপায়ুক্ত দিগন্ত শইকীয়া, বিশিষ্ট সমাজকর্মী যুধিষ্ঠিৰ গগৈ, সদৌ মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণ, আৰক্ষী উপ–মহাপৰিদর্শক জিৎমল দলে, বিশিষ্ট সমাজকর্মী লক্ষেশ্বৰ মৰাণ প্রমুখ্যে বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷
‘লাচিত বৰফুকনে পৰাভূত কৰা
শক্তিয়ে এতিয়া ভাবুকি মাতিছে অসমীয়া জাতি সত্তালৈ’
‘মহাবীৰ লাচিত বৰফুকনে এসময়ত প্রতিহত কৰা শক্তিটোৱেই এতিয়া ভাবুকি মাতিছে অসমীয়া জাতি সত্তালৈ৷ যি সভ্যতাৰ বিৰুদ্ধে লাচিত বৰফুকনে যুঁজ কৰিছিল, সেই সভ্যতাই এতিয়া পদে পদে গ্রাস কৰি আহিছে অসমীয়া জাতিটোক৷ এই সময় জাতিটোক সেই আগ্রাসী সভ্যতাৰ গ্রাসৰ পৰা উদ্ধাৰ কৰি এক নতুন দিশ প্রদান কৰা৷ চাওলুং চুকাফা যেতিয়া অসমলৈ আহিছিল, তেতিয়া অসমখন খণ্ড খণ্ড হৈ আছিল৷ বৰ অসমৰ পৰিকল্পনা কাৰোৱেই নাছিল৷ কিন্তু চাওলুং চুকাফাই অসমৰ মাটি–পানী, বতাহৰ লগত একাত্ম হৈ বৰ অসম গঠনৰ চেষ্টা চলালে৷ পৰৱত্ সময়ত স্বর্গদেউসকলেও এই পৰিকল্পনাক সার্থক ৰূপ দিয়াত অৱদান আগবঢ়ালে৷’ –এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ‘তাং লাই খুপ তাং’ শীর্ষক তাই আহোম জনগোষ্ঠীৰ পৱিত্র বাক্যশাৰীৰে ভাষণ আৰম্ভ কৰা মন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কয় যে আজি বিশ্বৰ বুকুত নিজৰ স্বকীয় ঐতিহ্য, বাৰেৰহণীয়া কৃষ্টি–সংসৃকতিৰে উজলি থাকিবলৈ অসমীয়াই সক্ষম হৈছেছা একমাত্র স্বর্গদেউ চাওলুং চুকাফাই খণ্ড–বিখণ্ড হৈ থকা জাতিটোক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰি থৈ যোৱা বাবে৷ শিৱসাগৰ চহৰৰ পৰা পাঁচ কিলোমিটাৰ নিলগৰ নিমাইজান অঞ্চলত সদৌ তাই আহোম ছাত্র সন্থাই দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত কৰা মে–ডাম–মে–ফীত মুখ্য অতিথি ৰূপে অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই লগতে কয় যে মহাসতী জয়মতী, বীৰংগনা মূলাগাভৰু, মহাবীৰ লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি আলাবৈৰ ৰণত প্রাণ আহুতি দিয়া দহ হাজাৰ সৈন্যবাহিনীয়ে বৰ অসম গঠনৰ ক্ষেত্রত অৱদান আগবঢ়াই গ’ল৷ তেওঁলোকৰ অৱদানৰ বাবেই বৰ অসম গঢ় লৈ উঠিলে৷ যাৰ বাবে অসমীয়া জাতিয়ে কৃতজ্ঞতাৰে আজি এই উপৰি পুৰুষসকলক সোঁৱৰণ কৰিছে৷ পর্বপুৰুষসকলৰ আশীর্বাদ বিচাৰি এই অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে৷ যিহেতু আমাৰ পৰম্পৰা আৰু সভ্যতাই আমাক এই কথা শিকাই আহিছে যে উপৰি পুৰুষসকলৰ আশীর্বাদে আমাৰ জীৱন সুন্দৰ কৰে৷ শান্তি আৰু প্রগতিৰ পথত আমাক আগবাঢ়িবলৈ শিকায়৷

‘ৰং বয় বয়’ শীর্ষক তাই ভাষাৰে ভাষণৰ সমাপ্তি ঘটোৱা মন্ত্রী ড০ শর্মাই কয় যে লাচিত বৰফুকনে যুঁজা সেই সভ্যতাই আমাক গ্রাস কৰিছে৷ আজিৰ সভাতেই মন্ত্রী ড০ শর্মাই শিৱসাগৰ জিলাৰ নিমাইজান অঞ্চলত থকা ২২শ বিঘা মাটিত বিশ্ববিদ্যালয় গঢ় দিয়াৰ পৰা আৰম্ভ কৰি আন আন পৰিকল্পনাৰ কথা চিন্তা কৰিব বুলি ব্যক্ত কৰে৷ তদপুৰি ঐতিহাসিক নিমাইজান অঞ্চলৰ ৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰজাদিনীয়া আতন বুঢ়াগোহহাই পথ, ২ কিলোমিটাৰ দৈর্ঘ্যৰ বৰপাত্র আলি, ১ কিলোমিটাৰ দিহিঙীয়া আলি, ৪.৫ কিলোমিটাৰ দৈর্ঘ্যৰ দাধৰা আলি আৰু ৩.৫ কিলোমিটাৰ নিমাইজান আলি পুনৰ নির্মাণৰ বাবে ১৭.৫০ কোটি টকা অনুমোদন জনোৱা বুলি ঘোষণা কৰে৷ মন্ত্রীগৰাকীয়ে অঞ্চলটোৰ ঈগল ক্লাবলৈ ১০ লাখ টকা অনুমোদন জনোৱাৰ কথাও ব্যক্ত কৰে৷ উল্লেখ্য যে গুৱাহাটীৰ পৰা পোনে পোনে নিমাইজানৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰা মন্ত্রী ড০ শর্মাক সহস্রাধিক আহোম জনগোষ্ঠীৰ যুৱক–যুৱতীয়ে নিজৰ থলুৱা কৃষ্টি পৰিৱেশনৰ মাজেৰে মূল মে–ডাম–মে–ফীৰ পূজাস্থলীলৈ আদৰি আনে৷ হেলিকপ্ঢাৰৰ পৰা নামিয়েই পোনে পোনে মূল মণ্ডপৰ সমীপত থকা পূজাগৃহত মন্ত্রীগৰাকীয়ে ডাম–ফী পূজাত ভাগ লয়৷ এই পূজা সম্পন্ন কৰোৱায় বকতা অঞ্চলৰ তাই পণ্ডিত মণ্ডলীয়ে৷ অঞ্চলটোৰ মহিলাসকলে ‘আইচিং লাও’ পৰিৱেশনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত সদৌ তাই আহোম ছাত্র সন্থাৰ কেন্দ্রীয় সভাপতি লিটুল বুঢ়াগোহঁাই, ধর্মেন গগৈ, ভাস্কৰ বৰগোহহাই, মানৱ সন্দিকৈ, জয়ন্ত সন্দিকৈ, তপন চেতিয়া, ঢ়েকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল, বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰ, বিজেপি নেতা বিতোপন ৰাইদঙীয়া, বিজেপিৰ যুৱ মর্চাৰ সম্পাদক ময়ূৰ বৰগোহঁাই, জিলা বিজেপিৰ সভানেত্রী সুৰভী ৰাজকুঁৱৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে৷

You might also like