নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ চাউলুং চুকাফা হাস্পতালত ‘অসমীয়া’ নাৰ্ছক অত্যাচাৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ এন জি চিয়ে শিৱসাগৰবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিত্বত সামাজিক দায়বদ্ধতা শিতানৰ পুঁজিৰে শিৱসাগৰ নগৰৰ ৰজাবাৰীত স্থাপন কৰা চ্যাউলুং চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত চলিছে অসমীয়া হটাও অভিযান৷ প্ৰতিস্থা কালৰ পৰাই চিকিৎসালয়খনৰ পৰা যিকোনো অজুহাতত অসমীয়া কৰ্মচাৰীক উৎখাতৰ অভিযানত নমা এই অসম বিৰোধী চক্ৰটোৰ অতপালি-নিৰ্য্যাতনৰ বাবেই সম্প্ৰতি প্ৰতিস্থানটোত কৰ্মৰত হৈ থকা একাংশ নাৰ্চে চাকৰি ত্যাগ কৰাৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ভয়ংকৰ অভিযোগ সন্দৰ্ভত ইতিমধ্যে অসমীয়া মহিলা মঞ্চই এক বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শিৱসাগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে।প্ৰাপ্ত অভিযোগ অনুসৰি চ্যাউলুং চ্যুকাফা চিকিৎসালয়ত কৰ্মৰত ৩৭গৰাকী নাৰ্চে মহিলা মঞ্চক প্ৰদান কৰা এক অভিযোগ পত্ৰত দাস উপাধিৰ এগৰাকী মহিলা উচ্চপদস্থ ‘চিএনঅ’ বিষয়াই বিগত প্ৰায় এক বছৰৰ পৰা থলুৱা নাৰ্চ সকলৰ ওপৰত বিভিন্ন ধৰণৰ মানসিক অত্যাচাৰ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে।কৰ্মৰত নাৰ্চ সকলক অতিৰিক্ত সময় কাম কৰোৱাৰ লগতে বিভিন্ন মানসিক হেঁচাত ৰাখি কাম কৰোৱাৰ ওপৰিও নাৰ্চক প্ৰদান কৰিব লগা ব্যৱহাৰিক প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰো অভিযোগ আনিছে।সেইদৰে দাস উপাধিৰ এজন ‘ডিজিএম’ পদমৰ্য্যদাৰ চিকিৎসকেও অনুৰূপ অত্যাচাৰ অসমীয়া নাৰ্চ সকলৰ ওপৰত কৰি অহাৰ অভিযোগ আনিছে।যাৰ বাবে বিগত প্ৰায় এটা বছৰত প্ৰায় ২৫ গৰাকী নাৰ্চে ইতিমধ্যে চাকৰি এৰি যোৱাৰ বিস্ফোৰক অভিযোগো কৰ্মৰত অসমীয়া নাৰ্চ সকলে আনিছে।এই অভিযোগ পত্ৰৰ ওপৰত ভিত্তি কৰি অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী পুষ্পাঞ্জলী দত্ত আৰু সম্পাদিকা পাপৰি ফুকন স্বাক্ষৰিত এক স্মাৰক পত্ৰ শিৱসাগৰ জিলা আয়ুক্তক প্ৰদান কৰে।নিৰ্যাতনৰ অভিযোগক উচিত তদন্তৰ দ্বাৰা নিৰপেক্ষ বিচাৰ কৰি এক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় মহিলা মঞ্চই।সেইদৰে উক্ত চিকিৎসালয়ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগত হৈ থকা অনিয়ম সন্দৰ্ভতো আয়ুক্ত গৰাকীক অৱগত কৰি বিষয় সন্দৰ্ভত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে।আনহাতে বিষয় সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় আৰু শিৱসাগৰ জিলা সমিতিয়েও উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।সচেতন মহলে তাৎক্ষনিক ভাৱে অসমীয়া নাৰ্চৰ ওপৰত চলোৱা চ্যুকাফা হস্পিতেল কৰ্তৃপক্ষই চলোৱা বৰ্বৰ নিৰ্য্যাতন তথা মানসিক অত্যাচাৰ সন্দৰ্ভদ বীৰ লাচিত সেনাৰ হস্তক্ষেপ কামনা কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like