ছখন জনসভাত অংশ ল’ব মোদীয়ে
নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ পুনৰ ৰাজ্যৰ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপিয়ে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে৷ নির্বাচনৰ দিন ঘোষণা কৰাৰ পূর্বে ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে একাধিকবাৰ অসম ভ্রমণ কৰি অংশগ্রহণ কৰিছে বহুকেইখন জনসভাত৷ ইয়াৰ সমান্তৰালভাৱে বিজেপিৰ ৰাষ্ট্রীয় নেতৃবৃন্দয়ো মাৰাথন নির্বাচনী কুচকাৱাজ চলাই গৈছে৷ নির্বাচন আয়োগে তিনিটা পর্যায়ত ভোটগ্রহণৰ সূচী প্রকাশ কৰাৰ পিছতে ৰাজ্যত বিজেপিৰ ৰাজনৈতিক তৎপৰতা অধিক বৃদ্ধি পাইছে৷ দলটোৰ অন্যান্য শীর্ষ নেতৃবৃন্দৰ উপৰি নির্বাচনী প্রচাৰ চলোৱাৰ বাবে অসমলৈ আহিব স্বয়ং প্রধানমন্ত্রী মোদীও৷ বর্তমান পর্যন্ত প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণসূচী চূড়ান্ত হোৱা নাই যদিও নির্বাচনৰ বতৰত তেওঁ ৬খনকৈ জনসভা সম্বোধন কৰিব৷ বিজেপিৰ এক শীর্ষ সূত্রৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠান এএনআইৰ বাতৰি অনুসৰি অসমৰ উপৰি প্রধানমন্ত্রী মোদীয়ে চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো ধাৰাবাহিকভাৱে নির্বাচনী প্রচাৰ চলাব৷ পশ্চিবংগত তেওঁ মুঠ ২০খনকৈ জনসভাত অংশগ্রহণ কৰাৰ কথা৷ অসমত প্রধানমন্ত্রী মোদীয়ে সম্বোধন কৰিবলগীয়া ৬খন জনসভাই যাতে ৰাজ্যখনৰ ৩৩খন জিলাক সামৰি ল’ব পাৰে, তাৰ বাবে পৰিকল্পনা যুগুত কৰা হৈছে৷ উল্লেখ্য যে অসম বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ অহা ২৭ মার্চত অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছত ১ এপ্রিলত দ্বিতীয় পর্যায়ৰ আৰু ৬ এপ্রিলত অনুষ্ঠিত হ’ব তৃতীয় পর্যায়ৰ ভোটগ্রহণ৷