নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰৰ হৰ্দেমাৰাত নিশা আৰক্ষীৰ অভিযান : একে পৰিয়ালৰ ছয়জনক আটক

🔹 ৰিভলভাৰসহ ৫ জাঁই সক্ৰিয় গুলী উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত হৰ্দেমাৰাত নিশা চাপৰ আৰু মহকুমা আৰক্ষীয়ে অভিযান চলাই এটা ৰিভলভাৰসহ পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বিশেষ সূত্ৰে মাৰণাস্ত্ৰ ৰখাৰ খবৰ পাই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া, চক্ৰ আৰক্ষী বিষয়া, চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে নিশা হৰ্দেমাৰাৰ বাৰেক আলীৰ ঘৰত অভিযান চলায়। আৰক্ষী যোৱা দেখি বাৰেক আলীৰ পুত্ৰ আয়ুব আলীকে ধৰি পৰিয়ালৰ একাংশ সদস্যই আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে ঘৰত তালাচী চলোৱাত বাধা আৰোপ কৰে। এটা সময়ত পৰিয়ালৰ লোকে আৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰাতে ক্ষান্ত নাথাকি আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হয়।  আৰক্ষীয়ে ঘৰৰ ভিতৰত তালাচী চলায় যদিও কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয় । পিছত আৰক্ষীয়ে ঘৰৰ ভিতৰত মেটেল ডিটেক্টৰৰ সহায়ত তালাচী চলোৱাত ঘৰৰ ভিতৰত গাঁত কৰি পুতি ৰখা এটা ৰিভলভাৰসহ পাঁচ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আয়ুব আলী,‌ আয়ুব আলীৰ পত্নী খাদেজা খাতুন, আয়ুব আলীৰ মাতৃ আলিমা বেগম, তাজনুৰ হক, সানিদুল ইছলাম আৰু মজামিল হকক আটক কৰি চাপৰ থানালৈ লৈ আহে। চাপৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ১৯৮/২৪ আৰু ১৯৯/২৪ নম্বৰত অবৈধ মাৰণাস্ত্ৰ ৰখাৰ অপৰাধত আৰু আৰক্ষীৰ অভিযানত বাধা তথা শাৰীৰিকভাৱে অপদস্থ কৰাৰ অপৰাধত দুটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক আতিকুল হুছেইন 
You might also like