নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰেপাচি ভুলেৰে ছয়মাহিলি পৰীক্ষাৰ প্ৰশ্নকাকত

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ এতিয়া বিদ্যালয়সমুহৰ পৰীক্ষাৰ বতৰ। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে চলিছে ছমহীয়া পৰীক্ষা। শিক্ষার্থীসকলে তেওঁলোকৰ যোগ্যতা নিৰূপণৰ বাবে দিন নিশা একাকাৰ কৰি পঢ়ি পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছে। পিছে তেওঁলোক এক সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যা হৈছে প্ৰশ্নকাকতক লৈ। প্ৰশ্নকাকতৰ প্ৰশ্নক লৈ সমস্যাটো উদ্ভৱ হোৱা নাই। সমস্যাটো হৈছে প্ৰশ্নকাকতৰ বানানক লৈ। কাৰণ প্ৰশ্নকাকতৰ বানান বাৰেপাচি ভুল। বানান ভুলৰ বাবে প্ৰশ্নটোৱে কি বিচাৰিছে সেই টো নিৰূপণ কৰিবলৈকে পৰীক্ষাৰ্থীয়ে সময় পাৰ কৰিব লগীয়া হৈছে। লখিমপুৰত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকতখনেই তাৰ উৎকৃষ্ট উদাহৰণ হৈ পৰিছে। অসংখ্য ভুল বানান থকা প্ৰশ্নকাকতখন দেখি অভিভাৱকসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শিক্ষা বিভাগে প্ৰশ্ন কাকতখনেই শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰাৰ বাবে সমালোচনা কৰিছে। অন্তহীন বিতৰ্কই জোকাৰি থকা শিক্ষা বিভাগটোৰ বিতৰ্ক যেন অন্ত নহব। প্ৰশ্নকাকতখন শুদ্ধকৈ প্ৰকাশ কৰিব নোৱাৰা বিভাগটো বা পৰীক্ষাৰ লগত জৰিতসকলৰ এনে দুৰ্বলতাৰ বাবে ৰাইজৰ সমালোচনাৰ পাত্ৰ হৈ পৰিছে।
প্ৰেৰক জীৱন গোস্বামী
You might also like