নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাইড ইষ্টৰ ৬ অৱসৰপ্রাপ্ত কর্মচাৰীক আনুষ্ঠানিক বিদায় সম্বর্ধনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুলাইঃ অসমৰ বহুল প্রচাৰিত দৈনিক কাকত ‘নিয়মীয়া বার্তা’লৈ দীর্ঘদিন ধৰি সেৱা আগবঢ়োৱা পাঁচ কর্মচাৰীয়ে অৱসৰ গ্রহণ কৰে৷ একে সময়তে ‘নিয়মীয়া বার্তা’ৰ প্রকাশন–পৰিচালন সংস্থা ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিডেট’ত কার্যনির্বাহ কৰা আন এজন কর্মচাৰীয়েও অৱসৰ গ্রহণ কৰিছে৷ ‘নিয়মীয়া বার্তা’ কাকতৰ প্রুফ বিভাগত কর্মৰত মোহন নাথ, ডিটিপি বিভাগত কর্মৰত গংগাৰাম ডেকা, বিদ্যাধৰ ভৰালী, প্রচালন বিভাগৰ হেমকান্ত মেধি আৰু সত্যেন শইকীয়াৰ লগতে নিউজ লাইভৰ প্রদীপ কুমাৰ দে’ক আনুষ্ঠানিকভাৱে বিদায় সম্বর্ধনা জনোৱা হয়৷ এই উপলক্ষে ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কাকতখনৰ সম্পাদক নৰেশ কলিতাই বিদায়ী কর্মচাৰীসকলক ফুলাম গামোচাৰে বিদায় সম্বর্ধনা জনায়৷ অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাস, মহাপ্রবন্ধক খনীন্দ্র ডেকা আৰু ‘প্রাইড ইষ্ট এণ্টাৰটেইণ্টমেণ্ট প্রাইভেট লিমিডেট’ৰ এইচ আৰ হেড চাও পি গগৈকে ধৰি ‘নিয়মীয়া বার্তা’ৰ কর্মচাৰীসকল উপস্থিত থাকে৷ অনুষ্ঠানত অৱসৰ গ্রহণ কৰা কর্মচাৰীসকলে ‘নিয়মীয়া বার্তা’ আৰু প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডলৈ আগবঢ়োৱা নিৰলস সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে সম্পাদক কলিতাই৷ অনুষ্ঠানত কার্যবাহী সম্পাদক অমল দাসে অৱসৰী কর্মচাৰীসকলৰ সুস্বাস্থ্য কামনা কৰে৷ অনুষ্ঠানত বিদায়ী কর্মচাৰী মোহন নাথে তেওঁৰ সুদীর্ঘ যাত্রাৰ এক ব্যাখ্যা দাঙি ধৰে৷

You might also like