২০১৮ চনতে ছিংলা কমিটীয়ে দাখিল কৰিছিল গোপন প্রতিবেদন
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ অসমৰ ছয় জনগোষ্ঠীৰ বহুচর্চিত জনজাতিকৰণক লৈ লোকসভাৰ মজিয়াত আজি উন্মোচিত হ’ল এক গুৰুত্বপূর্ণ বিষয়৷ কেন্দ্রীয় জনজাতি পৰিক্রমা ৰাজ্যমন্ত্রী ৰেণুকা সিং ছৰুতাই লোকসভাত দিয়া এক লিখিত বিবৃতিত স্পষ্টভাৱে কয় যে ৰাজ্যৰ ছয় জনগোষ্ঠী ক্রমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো সময়সীমা বান্ধি দিয়াটো সম্ভৱ নহয়৷ পিছে লক্ষণীয়ভাৱে পাঁচ বছৰ পূর্বে ২০১৬ চনৰ ২৯ ফেব্রুৱাৰীত বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্রতিশ্রুতি দি কেন্দ্রীয় চৰকাৰে গৃহ মন্ত্রালয়ৰ বিশেষ সচিবৰ নেতৃত্বত এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছিল৷ ছিংলা কমিটী নামেৰে সেই সময়ত সমগ্র অসমত চর্চালৈ অহা কমিটীখনত ভাৰতৰ মহাপঞ্জীয়ক, কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রালয়ৰ যুটীয়া সচিব, উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা গৃহ মন্ত্রালয়ৰ যুটীয়া সচিব, যুদ্ধবিৰতিত থকা অসমৰ উগ্রপন্থী সংগঠনসমূহৰ সৈতে চলি থকা শান্তি আলোচনাৰ মধ্যস্থতাকাৰীৰ লগতে অসম চৰকাৰৰো প্রতিনিধিক সামৰি লোৱা হৈছিল৷
সোমবাৰে লোকসভাৰ মজিয়াত জনজাতি পৰিক্রমা ৰাজ্যমন্ত্রী ছৰুতাই ছিংলা কমিটীৰ কথা ব্যক্ত কৰি কয় যে জনজাতিৰ মর্যাদা লাভৰ বাবে ইতিমধ্যে ধার্য কৰি ৰখা মডেলিটিসমূহ অসমৰ ছয় জনগোষ্ঠীৰ বাবে প্রযোজ্য নোহোৱা হেতু অন্যান্য পিছপৰা জাতিৰ (অ’বিচি) মর্যাদা লাভ কৰি থকা মৰাণ, মটক, তাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক কিহৰ আধাৰত অনুসূচিত জনজাতিৰ মর্যাদা দিব পাৰি, তাৰ দিহা প্রদানৰ বাবেই উচ্চ পর্যায়ৰ কমিটীখন গঠন কৰা হৈছিল৷ লগতে ইতিমধ্যে জনজাতিৰ মর্যাদা ভোগ কৰি থকা জনগোষ্ঠীসমূহৰ স্বার্থ বিঘ্ণিত নকৰাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোও চালি–জাৰি চোৱাৰ কথা আছিল কমিটীখনৰ৷ গুৰুত্বপূর্ণ কথাটো হৈছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰি দিয়া এই উচ্চ পর্যায়াৰ কমিটীখনে দৰাচলতে কোনো প্রতিবেদন দাখিল কৰিছিল নে নাই সেয়াই আজিলৈকে কোনেও জনা নাছিল৷ পিছে আজি লোকসভাৰ প্রশ্ণোত্তৰকালত সাংসদ আব্দুল খালেক আৰু গৌৰৱ গগৈয় সোধা এক প্রশ্ণৰ উত্তৰত জনজাতি পৰিক্রমা ৰাজ্যমন্ত্রী ছৰুতাই আজি প্রথমবাৰৰ বাবে ৰাজহুৱা কৰিলে যে ছিংলা কমিটীয়ে ২০১৮ চনৰ ২৮ ডিচেম্বৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দর্ভত প্রতিবেদন দাখিল কৰিছিল৷ পৰিতাপৰ বিষয়টো হৈছে প্রতিবেদন দাখিল কৰাৰ ২ বছৰৰো অধিক সময় পাছতো কমিটীয়ে কি প্রতিবেদন দাখিল কৰিলে তথা কমিটীৰ প্রতিবেদন এতিয়ালৈকে কিয় ৰূপায়ণ নকৰিলে, সেই বিষয়ে উত্তৰত কোনো উল্লেখ কৰা নহ’ল৷ ইয়াৰ বিপৰীতে কেন্দ্রীয় জনজাতি পৰিক্রমা ৰাজ্যমন্ত্রীগৰাকীয়ে আজি দাবী কৰিছে যে ছিংলা কমিটীয়ে দাখিল কৰা প্রতিবেদনখক ‘গোপনীয়’ হিচাপে চৰকাৰীভাৱে নথিভুক্ত কৰা হৈছে৷