নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছখন ঠেঙৰ গৰুৰ পোৱালি জন্ম, চেঙাত অস্বাভাৱিক ঘটনা

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ চেঙাত সংঘটিত হৈছে এক অস্বাভাৱিক ঘটনা। অস্বাভাৱিক ঘটনাটোক লৈ সকলোৱে আচৰিত হৈ পৰিছে। এয়া ঈশ্বৰৰে মহিমা বুলি চৰ্চা চলিছে। নিজ চেঙা গাঁৱৰ অৰুণ ডেকাৰ ঘৰত আজি এজনী গাইগৰুৱে পুৱাই জন্ম দিছে এটি ছয় ঠেঙীয়া গৰুৰ পোৱালি। এই খবৰ বিয়পি পৰাৰ লগতে ছয় ঠেঙীয়া গৰুৰ পোৱালিটোক চাবলৈ অৰুণ ডেকাৰ বাসগৃহত ভিৰ কৰে ৰাইজে। সম্প্ৰতি গৰুৰ পোৱালি সুস্থ হৈ থকা বুলি জানিব পৰা গৈছে। গৰুৰ পোৱালিটোৰ আগফালে দুখন ঠেং স্বাভাৱিক অৱস্থাত আছে যদিও পাছফালৰ চাৰিখন ঠেঙৰ তিনিখন ঠেঙৰেই অৱস্থিতি অস্বাভাৱিক হৈ আছে। কি কাৰণত বা কি বিসংগতিৰ ফলত এনেকুৱা ছয়খন ঠেঙৰ গৰুৰ পোৱালি জন্ম পালে এইলৈও এতিয়া চেঙা অঞ্চলত চৰ্চা অব্যাহত আছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক তফিকুৰ ৰহমান

You might also like