নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলমূলৰ বাকী খুজিবলৈ গৈ মৈৰাবাৰীত এচিড আক্ৰমণৰ বলি খাইৰুল

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : নাৰীৰ পিছত এইবাৰ এচিড আক্ৰমণৰ চিকাৰ হব লগা হৈছে পুৰুষ। এইবাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত এচিড আক্ৰমণৰ ঘটনা সংগঠিত হৈছে। অভিযোগ অনুসৰি যোৱাকালি মৈৰাবাৰী বজাৰস্থিত খাইৰুল ইছলাম নামৰ এগৰাকী ফলমূলৰ দোকানীয়ে নিজৰ পাবলগা বাকী টকা বিচাৰি যোৱাত প্ৰথম অৱস্থাত তৰ্কাতৰ্কি আৰু পিছলৈ হতাহতিৰ সৃষ্টি হোৱাত এৰছাদ আলী নামৰ যুৱকজনে এচিডেৰে আক্ৰমন কৰে খাইৰুল ইছলামক। এই ঘটনা মৈৰাবাৰী বজাৰৰ মিঠাই মহলত সংগঠিত হয় দিনৰ ১০ মান বজাত। উল্লেখযোগ্য যে খাইৰুল ইছলামৰ পৰা ২৫০০ টকাৰ সামগ্রী বাকী লৈ এৰছাদ আলী নামৰ যুৱকজনে টকা বহু দিন ধৰি নিদিয়াত আজি খাইৰুল ইছলামে নিজৰ টকা বিচাৰত খাইৰুলক এচিড আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ফল বেপাৰী খাইৰুল ইছলাম। অৱশ্যে ঘটনা সংগঠিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে খাইৰুল ইছলামক মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰে। এচিড আক্ৰমণৰ চিকাৰ হোৱা খাইৰুল ইছলামে ইতিমধ্যে মৈৰাবাৰী থানাত এখনি এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like